ডিব্ৰুগড় মহানগৰত বৃদ্ধি পোৱা যান-জঁটৰ সমস্যা আৰু আমোলাপট্টি উৰণ সেতু তথা মানকটা ৰোডৰ ৰে’লৱে অভীৰব্ৰীজ নিৰ্মাণ কাৰ্য চলি থকাৰ পৰপ্ৰেক্ষিতত ডিব্ৰুগড় চহৰত যান-বাহন চলাচল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। কালি ডিব্ৰুগড় আয়ুক্ত আৰু জিলা পথ সুৰক্ষা সমিতিয়ে ডিব্ৰুগড় নগৰৰ ভিতৰতভাগত গধূৰ বাহন আৰু মজলীয়া বাহন চলাচল নিয়ন্ত্ৰণৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে। লোকনিৰ্মাণ বিভাগৰ পথ শাখাৰ পৰা পোৱা প্ৰতিবেদন অনুসৰি পথ নিৰ্মাণকাৰ্য চলি থকাৰ সময়ত যান-জঁট বৃদ্ধি আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত সৃষ্টি হ’ব সম্ভাৱ্য বিপদক লৈ উদ্বেগ প্রকাশ পোৱাৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে। এই বিষয় সন্দৰ্ভত ৩ জুনত অতিৰিক্ত পৰিবহণ জিলা আয়ুক্তৰ নেতৃত্বত ব্যৱসায় সন্থাৰ লগতে কেইবাটাও প্ৰতিষ্ঠানৰ লগত আলোচনা অনুষ্ঠিত হয়। এই নিৰ্দেশনা অনুসৰি গধূৰ আৰু মজলীয়া যান বাহনসমূহ নগৰৰ ভিতৰত নিশা ৯ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰতে প্ৰৱেশ, চলাচল আৰু সামগ্ৰী কঢ়িওৱাৰ অনুমতি প্ৰদান কৰা হৈছে। নগৰত প্ৰৱেশ কৰা সকলো ধৰণৰ গধুৰ আৰু মজলীয়া
যান বাহন ডিব্ৰুগড় বাইপাছ হৈ চাউলখোৱা পথেৰে চলাচল কৰিব লাগিব। ডিব্ৰুগড় যান-বাহন আৰক্ষীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় যান-বাহন পৰিকল্পনা প্রকাশ কৰিব। ডিব্ৰুগড় যান-বাহন আৰক্ষী আৰু জিলা পৰিবহণ বিষয়াক এই নিয়মসমূহ কঠোৰভাৱে বলৱৎ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। নগৰখনৰ ভিতৰত গধূৰ বাহনসমূহ নিৰ্দিষ্ট স্থানতহে ৰখোৱাৰ অনুমতি প্ৰদান কৰা হৈছে।