ডিব্ৰুগড়ৰ লেকাইত সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ উদ্বোধন বিধায়ক প্ৰশান্ত ফুকনৰ

ডিব্ৰুগড়ৰ সমীপৰ লেকাইত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে আজি সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ উদ্বোধন কৰে। ডিব্ৰুগড়ৰ লেকাইত ইয়াৰ পূৰ্বে স্থাপন কৰা আৰু কাৰ্যক্ষম হৈ থকা আৱৰ্জনা নিষ্কাশন প্ৰকল্পটোৰ বিশাল চৌহদতে এই সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰটো স্থাপন কৰা হৈছে। 

উদ্বোধনী অনুষ্ঠানত অসম প্ৰদূষণ বোর্ড অধ্যক্ষ, ডিব্ৰুগড় জিলা আয়ুক্ত, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণৰ সচিবকে ধৰি সংশ্লিষ্ট বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এইটো প্ৰথম সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ হিচাপে চিহ্নিত হৈছে। 

এই প্ৰকল্পটোত ৰাসায়নিক আৱৰ্জনা, বায় মেডিকেল আৱৰ্জনাকে ধৰি সকলো ধৰণৰ আৱৰ্জনা পর্যায় ক্রমে নিষ্কাষণ কৰাৰ ব্যৱস্থা উপলব্ধ হ’ব।