June 20, 2026 9:16 PM

views 3

ডিব্ৰুগড়ৰ লেকাইত সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ উদ্বোধন বিধায়ক প্ৰশান্ত ফুকনৰ

ডিব্ৰুগড়ৰ সমীপৰ লেকাইত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে আজি সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ উদ্বোধন কৰে। ডিব্ৰুগড়ৰ লেকাইত ইয়াৰ পূৰ্বে স্থাপন কৰা আৰু কাৰ্যক্ষম হৈ থকা আৱৰ্জনা নিষ্কাশন প্ৰকল্পটোৰ বিশাল চৌহদতে এই সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰটো স্থাপন কৰা হৈছে।  উদ্বোধনী অনুষ্ঠানত অসম প্ৰদূষণ বোর্ড অধ্যক্ষ, ডিব্ৰুগড় জিলা আয়ুক্ত, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণৰ সচিবকে ধৰি সংশ্লিষ্ট বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এইটো প্ৰথম সমন্বিত আৱৰ্জনা...

December 4, 2025 7:24 PM

views 46

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডত অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত কমিউনিটি কেডাৰসকলৰ মাজত স্কুটি বিতৰণ

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডত আজি অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত কমিউনিটি কেডাৰসকলৰ মাজত স্কুটি বিতৰণ কৰা হয়। ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকনে এই স্কুটীসমূহ বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে পি এম এফ এম ই আঁচনিৰ অধীনত আত্মসহায়ক গোটসমূহৰ মাজত চেকো বিতৰণ কৰে। অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত এই আঁচনিখনে তৃণমূল পৰ্যায়ত কাম কৰা জীৱিকা সখী, কৃষি সখী, বেংক সখীসকলৰ কামকাজসমূহ সুচাৰুৰূপে ৰূপায়ণত সহায় কৰাৰ লগতে আত্মনিৰ্ভৰ গাঁও নিৰ্মাণৰ পথ প্রশস্ত কৰিব বুলি মন্ত্ৰী ফুকনে উল্লেখ ...