ছিৰিয়াৰ ৰাজধানী ডামাস্কাছৰ এখন কেফেত কালি এটা বোমা বিস্ফোৰণত কমেও ৯ জন লোক নিহত হয়। দেশখনৰ গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি, ৰাজধানী চহৰখনৰ হিজাজ জিলাত অৱস্থিত ন্যায়-প্ৰসাদৰ পৰা মাত্ৰ এশ মিটাৰ দূৰত্বত থকা কেফেখনৰ ভিতৰত বিস্ফোৰক সামগ্ৰী লুকুৱাই ৰখা হৈছিল। এই ঘটনাত আন ২০ গৰাকী লোক আহত হোৱা বুলি ছিৰিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এতিয়ালৈকে কোনো উগ্রপন্থী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই |
নিৰাপত্তা বাহিনীয়ে ইতিমধ্যে সমগ্র অঞ্চলটো ঘেৰি ধৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। বিস্ফোৰণস্থলীত উপস্থিত হৈ ডামাস্কাছৰ গভর্নৰ মাহেৰ মাৰোৱান ইদলিবিয়ে মন্তব্য কৰে যে, এই বোমা বিস্ফোৰণৰ সৈতে জড়িত দোষী ব্যক্তিসকলক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব আৰু তেওঁলোকক কৰায়ত্ত কৰি যথোচিত শাস্তি বিহা হ’ব।