ঠগ, প্ৰৱঞ্চনাৰ বলি নহ’বলৈ ৰাজ্যবাসীক ৰিজাৰ্ভ বেংকৰ দ্বাৰা অনুমোদিত প্ৰতিষ্ঠানতহে ধন জমা থ’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। অনলাইন ট্রেডিং প্ৰৱঞ্চনা সন্দৰ্ভত প্রতিক্রিয়া আগবঢ়াই তেওঁ জনসাধাৰণক এই সন্দৰ্ভত সজাগ হ’বলৈ আহ্বান জনায়। তেওঁ কয় যে, আৰ বি আই অনুমোদন অবিহনে কোনো লেনদেন কৰিব নোৱাৰে। ৰিজাৰ্ভ বেংকৰ নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে। প্ৰয়োজন হ’লে এই সন্দৰ্ভত বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰা হ’ব বুলিও তেওঁ কয়।
Assamese | September 5, 2024 8:59 PM | CMO Assam | himanta bisha sarma | Himanta Biswa
ঠগ, প্ৰৱঞ্চনাৰ বলি নহ’বলৈ ৰাজ্যবাসীক ৰিজাৰ্ভ বেংকৰ দ্বাৰা অনুমোদিত প্ৰতিষ্ঠানতহে ধন জমা থ’বলৈ মুখ্যমন্ত্ৰীৰ আহ্বান