October 17, 2026 11:51 AM | Cricket

printer

টি-২০ মহিলা ক্ৰিকেটৰ তিনিখনীয়া শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ হাতত জিম্বাব’ৱে ৪ উইকেটত পৰাস্ত

ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ টি-২০ মহিলা ক্ৰিকেটৰ তিনিখনীয়া শৃংখলাৰ যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত প্ৰথমখন খেলত ভাৰতে জিম্বাব’ৱেক ৪ উইকেটত পৰাস্ত কৰে। ভাৰতে ১১৫ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৫ অভাৰ ৪টা বলত ৬ উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ভাৰতৰ হৈ দিপ্তী শৰ্মাই ৪৯ আৰু নিকি প্ৰসাদে ৩৯ ৰানৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে জিম্বাব’ৱেই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১১৪ ৰান সংগ্ৰহ কৰে। দিপ্তী শৰ্মাক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়।

শৃংখলাৰ দ্বিতীয়খন খেল কাইলৈ আৰু তৃতীয় তথা অন্তিমখন খেল ২০ অক্টোবৰত অনুষ্ঠিত হ’ব। টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ পাছতে ভাৰত আৰু জিম্বাব’ৱেৰ মাজত তিনিখন এদিনীয়া খেল অহা ২৩, ২৫ আৰু ২৮ অক্টোবৰত বডোডৰাত অনুষ্ঠিত হ’ব।