জ্যেষ্ঠ সাংবাদিক পায়েল মেহতাৰ আজি পুৱা মুম্বাইত ৪৬ বছৰ বয়সত মৃত্যু হয়। মহানগৰখনলৈ অহা শ্রীমতী মেহতাই আজি পুৱা হঠাৎ অসুস্থতা অনুভৱ কৰে। শ্বাস-প্রশ্বাসত অসুবিধা পোৱা সাংবাদিকগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও চিকিৎসালয়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
সাংবাদিক পায়েল মেহতাৰ মৃত্যুত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রীয়ে শ্রীমতী মেহতাক কঠোৰ পৰিশ্ৰমী সাংবাদিক হিচাপে ব্যাখ্যা কৰি কয়, যে শ্রীমতী মেহতাই মাটিৰ সৈতে সংপৃক্ট হৈ তেওঁৰ সাংবাদিকতাত বিভিন্ন ৰাষ্ট্ৰীয় বিষয়ক গভীৰভাৱে তুলি ধৰিছিল।
তেওঁ লগতে কয়, যে কৰ্মৰ উপৰি অতুলনীয় ব্যৱহাৰে সাংবাদিক গৰাকীক স্মৰণীয় কৰি ৰাখিব। শ্রী মোদীয়ে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী অশ্বিনী বৈষ্ণৱে সাংবাদিক পায়েল মেহতাৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে। এটা শোকবার্তাত শ্রী বৈষ্ণবে কয়, যে সাংবাদিকতাৰ প্ৰতি থকা নিষ্ঠাই শ্রীমতী মেহতাক অতুলনীয় কৰি ৰাখিব।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সাংবাদিক পায়েল মেহতাৰ মৃত্যুত শোক প্রকাশ কৰি সামাজিক মাধ্যমৰ বাৰ্তাত কয়, যে কঠোৰ পৰিশ্ৰমী আৰু নিষ্ঠাবান সাংবাদিক শ্রী মতী মেহতা অত্যন্ত পেছাদাৰী দায়বদ্ধতাৰে সংসদৰ বা-বাতৰি পৰিৱেশন কৰিছিল।
মন্ত্ৰীগৰাকীয়ে কয়, যে সংসদৰ অধিৱেশন চলি থকাৰ সময়ত সাংবাদিকগৰাকী পুৱাৰে পৰা নিশালৈকে সংসদত উপস্থিত থাকি দায়িত্বপূর্ণ কামৰ নিদৰ্শন দেখুৱাইছিল। শ্রী সিঙে সাংবাদিকগৰাকীৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।