জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ নাৱাডাত এখন নির্বাচনী সভাত ভাষণ দিব। এই সভাখনত বিজেপিৰ নেতাসকলৰ লগতে এন ডি এৰ অন্তৰ্ভুক্ত আন ৰাজনৈতিক দলৰ নেতাসকলেও অংশগ্ৰহণ কৰিব। এইখন হ’ব এই সপ্তাহটোত ৰাজ্যখনত প্ৰধানমন্ত্ৰীৰ দ্বিতীয়খন নির্বাচনী সভা। ইয়াৰ পূৰ্বে যোৱা চাৰি এপ্ৰিলত প্রধানমন্ত্ৰীয়ে জামুই সমষ্টিৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল। নাৱাডাত প্রধানমন্ত্ৰীৰ নিৰ্বাচনী সভাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। উল্লেখযোগ্য যে নাৱাডা, গয়া, ঔৰংগাবাদ আৰু জামুইত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা ১৯ এপ্ৰিলত ভোটগ্ৰহণ কৰা হ’ব।
Assamese | April 7, 2024 12:00 PM | Lok Sabha Election | PM Modi
জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ নাৱাডাত নির্বাচনী সভাত ভাষণ দিব