জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত আছে। আজি আদালতত অভিনেতা ৰবি শৰ্মাই সাক্ষ্য প্ৰদান কৰে। অৱশ্যে আজি সাক্ষ্য গ্রহণ প্রক্রিয়া অসম্পূৰ্ণ হোৱা বাবে কাইলৈ অভিনেতাগৰাকীক পুনৰ সাক্ষ্য গ্রহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত বিচাৰি অভিনেতা ৰবি শৰ্মাই এখন এজাহাৰ দাখিল কৰিছিল আৰু সেই অনুসৰি আদালতে আজি অভিনেতাগৰাকীৰ সাক্ষ্য গ্রহণ কৰিবলৈ আদালতত হাজিৰ হোৱাৰ নির্দেশ দিছিল।
ইপিনে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত শুনানি অনুষ্ঠিত হয়। আজি আদালতত অভিযুক্তৰ হৈ অধিবক্তা অনিল মিশ্ৰই ভার্চুৱেল মাধ্যমেৰে যুক্তি প্ৰদৰ্শন কৰে।
আজিৰ শুনানিত অসম চৰকাৰৰ হৈ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰ উপস্থিত থাকে। পাছত আদালতে সকলো পক্ষৰ যুক্তি শুনি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন ২৩ জুনত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে।