জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰে গঠন কৰা বিশেষ তদন্তকাৰী দল – এছ আই টিয়ে আজি শিল্পীগৰাকীৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সদস্যৰ সৈতে মত বিনিময় কৰে। শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে পৰিয়ালৰ সদস্যই কালি চি আই ডিক এই ঘটনাৰ তদন্ত বিচাৰি এজাহাৰ দাখিল কৰিছিল। এজাহাৰত ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ লগতে দুৰ্ঘটনাটোৰ সময়ত সেই স্থানত উপস্থিত থকা সকলোৰে নাম উল্লেখ কৰা হৈছে। এছ আই টিৰ সদস্যই আজি এই সন্দৰ্ভত তেওঁলোকৰ সৈতে মত বিনিময় কৰে। ইপিনে, শিল্পীগৰাকীৰ মৃত্যু সন্দৰ্ভত অভিনেত্রী নিশিতা গোস্বামী, বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী আৰু কণ্ঠশিল্পী অমৃতপ্রভা মহন্তক আজি দ্বিতীয় দিনাও উলুবাৰীত থকা চি আই ডিৰ কাৰ্যালয়ত জেৰা কৰা হয়।
Assamese | September 28, 2025 8:55 PM | Zubeen Garg
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে এছ আই টি দলৰ শিল্পীগৰাকীৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত