জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মীলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালিৰ দিনটোত কেৱল দুজন সাক্ষীৰহে সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। যোৱা বুধবাৰে সময়ৰ অভাবৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা ৰাজা অসম আৰু বিৰিঞ্চি বৰাই কালি পুৱাৰ ভাগতে আদালতত সাক্ষ্য প্ৰদান কৰে। আদালতত কালি সাক্ষ্য প্ৰদানৰ বাবে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ লগতে ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা নামৰ লোক দুজন উপস্থিত থাকে যদিও সময়ৰ অভাবৰ বাবে তেওঁলোকে সাক্ষ্য প্ৰদান কৰিব ।
Assamese | June 12, 2026 11:42 AM | Jubin Garg Death
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাৰ্ষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত