June 10, 2026 7:32 PM | Jubin Garg Death

printer

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্টট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত আজি তৃতীয় দিনাও সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত থাকে। আদালতত আজি বেবী বৰা, অনুজ কুমাৰ বিষয়া আৰু প্ৰভাকৰ ফুকনে সাক্ষ্য প্ৰদান কৰে। সময়ৰ অভাৱৰ বাবে আন দুগৰাকী সাক্ষী বিৰিঞ্চি বৰা আৰু ৰাজা অসমে আদালতত আজি সাক্ষ্য প্রদান কৰিব নোৱাৰিলে বুলি আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনাইছে।