জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত আছে। বাদ্যযন্ত্রী পার্থ গোস্বামী আজি তৃতীয় দিনৰ বাবে অভিযুক্ত পক্ষৰ অধিবক্তাৰ জেৰাৰ বাবে আদালতত হাজিৰ হ’ব। শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই আজি পাৰ্থ গোস্বামীক জেৰা কৰিব। জুবিন গাৰ্গ ফেন ক্লাবৰ সাধাৰণ সম্পাদক পিকু বৰগোহাঁইয়ো আজি গোচৰটোৰ সাক্ষ্য দানৰ বাবে ফাষ্টট্ৰেক আদালতত উপস্থিত হ’ব।
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি আজি মম-শিখা সমদল উলিয়াব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত কালি পাৰ্থ গোস্বামীয়ে দ্বিতীয় দিনৰ বাবে সাক্ষ্য প্ৰদান কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই পার্থ গোস্বামীক জেৰা কৰিব নোৱাৰিলে।