জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মীলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰবাসী অসমীয়াৰ সাক্ষ্য প্রদান প্রক্রিয়া অব্যাহত আছে। আজি তৃতীয়গৰাকী প্ৰবাসী অসমীয়া প্ৰতিম লহকৰ ফাষ্টট্ৰেক আদালতত উপস্থিত হৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান কৰে। আজি ফাষ্টট্ৰেক আদালতে দুটা সংবাদ মাধ্যমৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জাৰি কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত প্ৰতীম লহকৰে দণ্ডাধীশৰ আগত দিয়া ভাষ্যৰ লিপিবদ্ধ প্ৰতিলিপি সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ বাবে আদালতে সংবাদমাধ্যম দুটাৰ বিৰুদ্ধে এই তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। আদালতে সংশ্লিষ্ট সংবাদমাধ্যম দুটাই ন্যায়িক প্রক্রিয়াত হস্তক্ষেপ কৰা বুলি মন্তব্য কৰে। প্রবাসী অসমীয়া প্ৰতীম লহকৰে দণ্ডাধীশৰ আগত দিয়া ভাষ্যৰ লিপিবদ্ধ প্রতিলিপি সংবাদমাধ্যমে কেনেকৈ লাভ কৰিলে সেই সন্দৰ্ভত অপৰাধ অনুসন্ধান বিভাগক তদন্ত কৰি প্ৰতিবেদন দাখিল কৰাৰ লগতে আইন অনুসৰি ব্যৱস্থা ল’বলৈ আদালতে নির্দেশ দিয়ে। উল্লেখযোগ্য যে, সংবাদমাধ্যম দুটাই দণ্ডাধীশৰ ছীল-মোহৰসহ প্রবাসী অসমীয়া প্ৰতীম লহকৰে দণ্ডাধীশৰ আগত প্ৰদান কৰা ভাষ্যৰ লিপিবদ্ধ প্রতিলিপি সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল।
Assamese | September 11, 2026 8:13 PM | Jubin Garg Death
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্টট্ৰেক আদালতত প্ৰবাসী অসমীয়াৰ সাক্ষ্য প্রদান প্রক্রিয়া অব্যাহত