জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ প্ৰতি সন্মান জনাই বিশ্বনাথ জিলাৰ কাৰ্বি সাংস্কৃতিক সমাজে বিহালীৰ ভৰালীজুলিৰ ল’ৰেছাৰপ’ বাকৰিত কাইলৈৰপৰা অনুষ্ঠিত হ’বলগীয়া ৩৩ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এটা বিবৃতিযোগে বিশ্বনাথ জিলাৰ কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি যোগেন টেনে এই কথা জানিবলৈ দিয়ে। কাৰ্বি সাংস্কৃতিক সমাজৰ প্ৰতিনিধি, জিলা সমিতি আৰু অভ্যর্থনা সমিতিৰ বিষয়ববীয়াৰ মাজত হোৱা আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কাইলৈ জনপ্ৰিয় শিল্পীজনৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত কাৰ্বি মহোৎসৱ অক্টোবৰৰ ৩ ৰ পৰা ৫ অক্টোবৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
Assamese | September 30, 2025 12:22 PM | karbi youth festival
জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ উপলক্ষে বিহালীত হবলগীয়া ৩৩ সংখ্যক কাৰ্বি যুৱ মহোৎসৱখন ৩ৰ পৰা ৫ অক্টোবৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত