June 16, 2026 8:10 PM | PM G-7 Summit

printer

জি-৭ ৰাষ্ট্রগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদী এভিয়ানত উপস্থিত

প্রধানমন্ত্রী নৰেন্দ্র মোদী জি-ছেভেন ৰাষ্ট্রগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্রমণসূচীৰে ফ্ৰান্সৰ এভিয়ান চহৰত উপস্থিত হৈছে। এভিয়ানত উপস্থিত হোৱাৰ পাছত প্রধানমন্ত্রী সামাজিক মাধ্যমযোগে কয় যে তেওঁ বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলৰ সৈতে আলোচনা কৰিবলৈ আৰু গুৰুত্বপূৰ্ণ গোলকীয় বিষয় লৈ মত-বিনিময় কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে। তেওঁ কয় যে স্থায়ী আৰু সমৃদ্ধিশালী পৃথিৱী গঢ়াৰ বাবে সমূহীয়া প্রচেষ্টা আগবঢ়াই নিবলৈ ভাৰত প্ৰতিশ্রুতিবদ্ধ। ইয়াৰ পূৰ্বে এভিয়ানলৈ যোৱাৰ পথত শ্রীমোদী ছুইজাৰলেণ্ডৰ জেনেভাত কিছু সময় কটায়। বিমান বন্দৰত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গায় পামেলিনে তেওঁক আদৰণি জনায়। দুয়োগৰাকী নেতাই পৰস্পৰক সম্ভাষণ জনায়। চমু আলোচনাৰ অন্তত প্রধানমন্ত্রী মোদী জেনেভাৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ নিলগৰ এভিয়ানলৈ বুলি ৰাওনা হয়। প্রধানমন্ত্রী নবেন্দ্র মোদীয়ে জি-ছেভেন শীর্ষ সন্মিলনত এইবাৰ একেৰাহে সপ্তম বাৰ অংশগ্ৰহণ কৰিব আৰু ভাৰতে এইবাৰ এই মঞ্চত ত্রয়োদশ বাৰৰ বাবে ভাগ লয়। শীর্ষ সম্মিলনৰ ভাৰতৰ নিৰন্তৰ অংশগ্রহণে গুরুত্বপূর্ণ গোলকীয় প্রত্যাহ্বান দূৰ কৰা আৰু শান্তি, সুৰক্ষা, বহনক্ষম উন্নয়ন তথা অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ বাবে চলোৱা আন্তঃৰাষ্ট্ৰীয় প্রচেষ্টালৈ বৰঙণি আগবঢ়োৱাৰ দিশৰ পৰা ভাৰতৰ বৰ্ধিত ভূমিকাকে প্রতিফলিত কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই বিশ্বমঞ্চত গ্লোবেল ছাউথ অর্থাৎ অর্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে পিছপৰা ৰাষ্ট্ৰসমূহৰ উদ্বেগ উত্থাপন কৰাৰ সম্ভাৱনালৈ চাই এই শীর্ষ সম্মিলন ভাৰতৰ বাবে বিশেষ তাৎপর্যপূর্ণ হৈ উঠিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুবেল মেক্র’ই আজি সন্ধিয়া প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাবে আদৰণি জনাব। ইয়াৰ পাছতে শ্রীমোদীয়ে নতুন সহযোগিতা গঠন আৰু আন্তঃৰাষ্ট্ৰীয় সংহতিৰ পুনৰনিৰ্মাণ বিষয়ক এখন উচ্চ পৰ্যায়ৰ কাৰ্যকৰী বৈঠকত ভাগ ল’ব। এই বৈঠকত জি-ছেভেন সদস্য-ৰাষ্ট্ৰ, সহযোগী দেশৰ নেতা আৰু বিশ্ব বেংক তথা আফ্রিকীয় বিকাশ বেংকৰ জ্যেষ্ঠ প্রতিনিধিসকলে অংশ ল’ব। সম্মিলনৰ আপাহতে শ্রী মোদীয়ে কানাডা, ব্রিটেইন আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ কথা আছে। ইয়াৰ পাছত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে অতিথিসকলৰ সন্মানার্থে আয়োজন কৰা নৈশ ভোেজমেলত উপস্থিত থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।