June 16, 2026 8:10 PM
20
জি-৭ ৰাষ্ট্রগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদী এভিয়ানত উপস্থিত
প্রধানমন্ত্রী নৰেন্দ্র মোদী জি-ছেভেন ৰাষ্ট্রগোষ্ঠীৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্রমণসূচীৰে ফ্ৰান্সৰ এভিয়ান চহৰত উপস্থিত হৈছে। এভিয়ানত উপস্থিত হোৱাৰ পাছত প্রধানমন্ত্রী সামাজিক মাধ্যমযোগে কয় যে তেওঁ বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলৰ সৈতে আলোচনা কৰিবলৈ আৰু গুৰুত্বপূৰ্ণ গোলকীয় বিষয় লৈ মত-বিনিময় কৰিবলৈ আগ্ৰহেৰে বাট চাই আছে। তেওঁ কয় যে স্থায়ী আৰু সমৃদ্ধিশালী পৃথিৱী গঢ়াৰ বাবে সমূহীয়া প্রচেষ্টা আগবঢ়াই নিবলৈ ভাৰত প্ৰতিশ্রুতিবদ্ধ। ইয়াৰ পূৰ্বে এভিয়ানলৈ যোৱাৰ পথত শ্রীমোদী ছুইজাৰলেণ্ডৰ জেনেভাত কিছ...