মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰ অত্যাধুনিক এম আৰ আই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে। ৩০ কোটি টকা ব্যয়সাপেক্ষে অত্যাধুনিক এম আৰ আই যন্ত্ৰটো স্থাপন কৰা হৈছে। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয়, যে এতিয়াৰেপৰা এম আৰ আই যন্ত্ৰটো যথেষ্ট উন্নত মানৰ। এতিয়াৰেপৰা নিউৰ’ল’জিকেল এম আৰ আই যথেষ্ট সুক্ষ্মভাৱে কৰিব পৰা যাব। হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰটোৱে উত্তৰ-পূবৰ ৰোগীসকলক যথেষ্ট উন্নত মানৰ চিকিৎসা সেৱা প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ২০২৫ চনৰ আৰম্ভণিতে জি এম চি এইচৰ মাতৃ আৰু শিশু হাস্পতালখনো উদ্বোধন কৰাৰ পৰিকল্পনা কৰা হৈছে। আনহাতে, প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য দ্রুতগতিৰে আগবাঢ়িছে বুলিও ড° শৰ্মাই উল্লেখ কৰে। তেওঁ কয়, যে ২০২৫ বৰ্ষৰ প্ৰথম ভাগতে প্রাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়ৰ সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে। এই চিকিৎসা মহাবিদ্যালয়খনৰ সেৱা আৰম্ভ হ’লে ৰোগীসকলে পূৰ্বৰ তুলনাত অধিক সা-সুবিধা লাভ কৰিবলৈ সমৰ্থ হ’ব।
Assamese | November 20, 2024 12:42 PM | CM Inauguration
জি এম চি এইছত হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰ অত্যাধুনিক এম আৰ আই সেৱা মুকলি মুখ্যমন্ত্রীৰ