জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত পঞ্চম এছিয়ান পেৰা গেমছৰ সামৰণি আজি পৰিব।
সামৰণি অনুষ্ঠানত ভাৰতৰ হৈ দুবাৰৰকৈ স্বর্ণ পদক বিজয়ী নিশাদ কুমাৰ আৰু মোনা আগৰৱালে পতাকা বহন কৰিব। ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২ বাজি ৩০ মিনিটত সামৰণি অনুষ্ঠান আৰম্ভ হ’ব।
উল্লেখযোগ্য যে, নিশাদ কুমাৰে পুৰুষৰ T47 শাখাৰ হাই জাম্প আৰু লং জাম্পত স্বর্ণ পদক অর্জন কৰে। ইয়াৰ জৰিয়তে তেওঁ এছিয়ান পেৰা গেমছৰ একেটা সংস্কৰণতে দুটাকৈ স্বর্ণ পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈৰ বিশেষ তালিকাত স্থান লাভ কৰে। এই কৃতিত্ব অর্জন কৰা আন খেলুৱৈসকলৰ ভিতৰত পেৰা দৌৰবিদ অংকুৰ ধামা আৰু দুয়োখন হাতবিহীন ধনুর্বিদ শীতল দেৱী অন্যতম।
আনহাতে, মোনা আগৰৱালে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং SH1 শাখাত গেমছৰ অভিলেখ গঢ়ি স্বর্ণ পদক অর্জন কৰে। ইয়াৰ পিছতে তেওঁ মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিচনছ SH1 শাখাত বিশ্ব অভিলেখ গঢ়ি আন এটা স্বর্ণ পদক লাভ কৰে।
ইফালে, ভাৰতীয় দলটোৱে এইবাৰৰ প্ৰতিযোগিতাত সর্বমুঠ ১১৪টা পদক লাভ কৰি অভিযান সামৰে। ইয়াৰ ভিতৰত আছে ৩০টা স্বর্ণ, ৩৫টা ৰূপ আৰু ৪৯টা ব্ৰঞ্জৰ পদক। কালি প্রতিযোগিতাৰ অন্তিম দিনটোত ভাৰতীয় খেলুৱৈসকলে পেৰা বেডমিন্টন, ধনুর্বিদ্যা আৰু শ্বুটিঙত উল্লেখযোগ্য সাফল্যৰে পদকৰ সংখ্যা বৃদ্ধি কৰে।
ইয়াৰ পূৰ্বে ২০২৩ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতে ২৭টা স্বর্ণ, ৩২টা ৰূপ আৰু ৪৯টা ব্ৰঞ্জসহ মুঠ ১০৮টা পদক লাভ কৰিছিল। এইবাৰ ১১৪টা পদক অৰ্জনেৰে ভাৰতে পূৰ্বৰ সাফল্য অতিক্ৰম কৰি প্ৰতিযোগিতাখনত নিজৰ সৰ্বশ্রেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিছে।
ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান পেৰা গেমছত ভাৰতীয় খেলুৱৈসকলৰ উল্লেখযোগ্য প্ৰদৰ্শনৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি মুর্মুৱে স্বর্ণ পদক বিজয়ী সুমিত অন্তিল আৰু প্ৰণৱ ছুৰ্মাৰ লগতে বিভিন্ন শাখাত পদক অর্জন কৰা সন্দীপ, ৰাকেশভাই ভট্ট, নৱদীপ, সন্দীপ সঞ্জয় ছাৰ্গাৰ আৰু ধর্মবীৰক অভিনন্দন জনায়। তেওঁ খেলুৱৈসকলৰ ভৱিষ্যতৰ সফলতা কামনা কৰে।
আনহাতে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মোনা আগৰৱাল, তুলসীমতী মুৰূগেছন, মানসী যোশী আৰু সুমিত অন্তিলকে ধৰি স্বৰ্ণ পদক বিজয়ী খেলুৱৈসকলক অভিনন্দন জনায়। লগতে ৰূপ আৰু ব্ৰঞ্জৰ পদক অর্জন কৰা খেলুৱৈসকলৰ প্ৰদৰ্শনৰো প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় পেৰা খেলুৱৈসকলৰ উজ্জ্বল ভৱিষ্যত আৰু অধিক সফলতা কামনা কৰে।