জাপানীজ এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০লৈ বৃদ্ধি

ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০লৈ বৃদ্ধি পাইছে। ইপিনে, বর্তমানলৈকে জাপানীজ এনকেফেলাইটিছত আক্রান্ত ৰোগীৰ সংখ্যা হৈছে ৪২। এই ৰোগত আক্ৰান্ত হৈ কামৰূপ জিলাত তিনিজন, বৰপেটা আৰু লখিমপুৰত দুজনকৈ, কামৰূপ মহানগৰ, কাছাৰ আৰু যোৰহাট জিলাত এজনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। তদুপৰি ৰাজ্যত বৰ্তমান একিউট এনকেফেলাইটিছ চিণ্ডমত আক্রান্ত লোকৰ সংখ্যাও ৫১৯লৈ বৃদ্ধি পাইছে। জাপানীজ এনকেফেলাইটিছৰ সংক্রমণ বৃদ্ধিৰ পৰেিপ্ৰক্ষিতত ৰাজ্যৰ স্বাস্থ্য বিভাগে এনে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা জিলাসমূহত প্রতিষেধক প্রদান, স্বাস্থ্য কর্মীসকলৰ বাবে প্রশিক্ষণ কাৰ্যসূচী আৰু জনসজাগতামূলক কাৰ্যসূচীৰ দৰে প্ৰতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিছে।

কামৰূপ জিলাৰ ৰঙিয়া আৰু নগৰবেৰাত জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ তিনিগৰাকী লোক মৃত্যুমুখত পৰাৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগে ভালেমান সজাগতামূলক ব্যৱস্থা গ্রহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে জিলাখনৰ ঠায়ে ঠায়ে সজাগতা শিবিৰৰ আয়োজন কৰাৰ লগতে ঔষধমিহলি আঁঠুবা বিতৰণ, পানী জমা হোৱা ঠাইত ঔষধ ছটিওৱা, সজাগতামূলক ৰাজহুৱা ঘোষণা, ধোঁৱা দিয়া আদি কার্য ৰূপায়ণ কৰা হয়। তদুপৰি জিলাখনৰ গাহৰি পালন কৰা অঞ্চলসমূহতো গাহৰিৰ তেজ পৰীক্ষা কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগে জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।