জাঞ্জিবাৰৰ ৰাষ্ট্ৰপতি তথা ৰিভ’লিউচনেৰী কাউন্সিলৰ অধ্যক্ষ ড০ হুছেইন আলী মিউনিয়ে আজি নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তাঞ্জানিয়াৰ অর্ধ-স্বায়ত্ত শাসিত অঞ্চল জাঞ্জিবাৰৰ নিজা সংবিধান তথা ৰাষ্ট্ৰপতি থকাৰ উপৰি হাউছ অব ৰিপ্রেজেন্টেটিভ আৰু নিজা পতাকাও আছে।
এই বৈঠকত নেতাদ্বয়ে ভাৰত আৰু তাঞ্জানিয়াৰ মিত্ৰতাৰ সকলো দিশ পর্যালোচনা কৰাৰ লগতে ভৱিষ্যতৰ সহযোগিতাৰ বাবে নতুন দুৱাৰ মুকলি কৰা সন্দৰ্ভত আলোচনা কৰে।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত তেওঁ কয় যে এই বৈঠকৰ জৰিয়তে ভাৰত-তাঞ্জানিয়াৰ জনসাধাৰণৰ মাজৰ তথা সাংস্কৃতিক সম্পর্ক আৰু কেইবা শতিকাজোৰা সামুদ্রিক সম্পর্কত নিহিত হৈ থকা দীর্ঘস্থায়ী মিত্রতা তথা বিশেষ এনাজৰী পুনৰ নিশ্চিত হৈছে।
তেওঁলোকে বাণিজ্য, বিনিয়োগ, উন্নয়নমূলক মিত্রতা, পর্যটন আৰু সামুদ্রিক অর্থনীতিকে ধৰি বিভিন্ন ক্ষেত্রত সহযোগিতা শক্তিশালী কৰাৰ দিশ অন্বেষণ কৰে। শ্ৰীৰাধাকৃষ্ণণে অগ্রাধিকাৰপ্ৰাপ্ত খণ্ডসমূহত বৰ্ধিত সহযোগিতাৰ জৰিয়তে উমৈহতীয়া উন্নয়নমূলক লক্ষ্যসমূহ অভিমুখে অগ্ৰসৰ হোৱাত তাঞ্জানিয়া আৰু জাঞ্জিবাৰৰ সৈতে দেশৰ বন্ধুত্বৰ প্ৰতিশ্ৰুতিক দোহাৰে।