জাকার্টাত অনুষ্ঠিত ১৯ আৰু ২৩ বছৰ অনুৰ্ধৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা বক্সাৰসকল শক্তিশালী প্ৰদৰ্শনেৰে উজলি উঠিছে। প্রতিযোগিতাখনৰ ২৩ বছৰ শাখাত কালি কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহৰ অন্তত ভাৰতৰ ৯ গৰাকী খেলুৱৈয়ে ছেমি-ফাইনেলত প্ৰৱেশ কৰি পদক সুনিশ্চিত কৰিছে।
কালিৰ খেলসমূহৰ মাজত ৫১ কেজি শাখাত তনু ৫৪ কেজি শাখাত নিশাই একপক্ষীয়ভাৱে নিজ নিজ প্রতিদ্বন্দ্বীক পৰাস্ত কৰাৰ বিপৰীতে ৫৭ কিল’গ্রাম শাখাত প্রাচী আৰু ৬০ কিলোগ্রাম শাখাত নিকিতা চান্দে আৰএছচি পদ্ধতিৰে জয়লাভ কৰে। এওঁলোকৰ উপৰি ৬৫ কিলো শাখাত কঠিন যুঁজৰ অন্তত কাজলেও বিজয় সাব্যস্ত কৰে। ছেমিফাইনেলত স্থান লাভ কৰা দলৰ অন্য খেলুৱৈসকল হৈছে শিৱানী, মুস্কান, নেইনা আৰু প্রিয়ংকা।
অহা ১৬ জুলাইলৈকে জাকার্টাত অনুষ্ঠিত হ’বলগীয়া এই প্রতিযোগিতাখনে উদীয়মান বক্সাৰসকলৰ বাবে আন্তর্জাতিক মঞ্চত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুন্দৰ সুযোগ প্রদান কৰিছে।