জলবায়ু সম্বন্ধীয় কাম-কাজসমূহ নিৰপেক্ষতা, দায়িত্বশীল আৰু সমতাৰে আগবঢ়াই নিব লাগিবঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে জলবায়ু সম্বন্ধীয় কাম-কাজসমূহ নিৰপেক্ষতা, দায়িত্বশীল আৰু সমতাৰে আগবঢ়াই নিব লাগিব। চিচিলিৰ ৰাষ্ট্ৰীয় সদনত ভাষণ প্রদান কৰি শ্রীমোদীয়ে জলবায়ু সুৰক্ষাৰ ক্ষেত্ৰত ইয়াকে মূল বিষয় বুলি অভিহিত কৰে। শ্রীমোদী ভাষণ প্রসঙ্গত কয় যে ভাৰত আৰু চিচিলিয়ে এনে এখন উন্নত বিশ্বৰ আশা কৰে, যত আন্তঃৰাষ্ট্ৰীয় প্রতিষ্ঠানসমূহে বাস্তৱতাক প্রতিফলিত কৰে।

 ভাৰত মহাসাগৰৰ বাবে ভাৰতৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত চিচিলিয়ে সদায় এক বিশেষ স্থান অধিকাৰ কৰি আছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে চিচিলিৰ এই স্থানে সময়ৰ লগে লগে অধিক শক্তিশালী ৰূপ লাভ কৰিছে।

শ্রীমোদীয়ে কয় যে যেতিয়া মানুহে এখন মানচিত্র প্রত্যক্ষ কৰে তেতিয়া তেওঁলোকে চিচিলিক ভাৰত মহাসাগৰত থকা কেইটামান দ্বীপপুঞ্জ হিচাপে দেখা পায়। কিন্তু ভাৰতে চিচিলিক এনে এখন ৰাষ্ট্ৰ হিচাপে কল্পনা কৰিছে যাৰ সীমা কেবল সাগৰৰ উপকূলতেই সীমিত নহয়, ই তাতকৈও অধিক বিস্তৃত।

শ্রীমোদীয়ে উল্লেখ কৰে যে প্ৰথমগৰাকী ভাৰতীয় প্রধানমন্ত্রী হিচাপে চিচিলিৰ ৰাষ্ট্ৰীয় সদনত ভাষণ প্রদান কৰাটো তেওঁৰ বাবে এটি বিশেষ সন্মান। তেওঁ লগতে চিচিলিৰ সর্বোচ্চ সন্মান গার্ডিয়ান অব দা ব্লু হৰিজন সন্মান প্ৰদান কৰাৰ বাবে ৰাষ্ট্ৰপতি হামিনীৰ লগতে চিচিলিৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।