বিশ্বৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজিৰ দিনটো মে’ দিৱস পালন কৰা হৈছে। ১৮৮৬ চনৰ আজিৰ দিনটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত অনুষ্ঠিত শান্তিপূর্ণ শ্রমিক সমাবেশত ৰাষ্ট্রশক্তিয়ে নিৰ্বিচাৰে গুলীচালনা কৰাৰ ফলত বহুসংখ্যক শ্রমিক হতাহত হোৱা ঘটনাৰ স্মৃতিচাৰণৰ উদ্দেশ্যে বিশ্বজুৰি আজিৰ দিনটো আন্তর্জাতিক শ্রমিক দিৱস হিচাপে পালন কৰা হৈ আহিছে। শ্ৰমিকসকলৰ কামৰ সময় আৰু মজুৰি নিৰ্ধাৰণৰ দাবীৰে চিকাগো চহৰত আয়োজিত সমাবেশখনক বিফল কৰাৰ লক্ষ্যৰে মালিক পক্ষৰ হকে স্থিতি গ্ৰহণ কৰি চৰকাৰে লোৱা এই শ্রমিক বিৰোধী ভূমিকাৰ প্ৰতিবাদত তথা সমগ্ৰ বিশ্বৰ শ্রমিক শ্ৰেণীৰ কল্যাণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পালন কৰা এই শ্রমিক দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ দিনটোত শ্রমিক সমাবেশ, আলোচনা চক্ৰ, সভা-সমিতি আদিৰ আয়োজন কৰা হয় ৷ উল্লেখযোগ্য যে এইবেলি আন্তঃৰাষ্ট্ৰীয় শ্রমিক দিৱসৰ বিষয়বস্তু হৈছে – জলবায়ু পৰিৱৰ্তনৰ মাজত কৰ্মক্ষেত্ৰৰ সুৰক্ষা আৰু শ্ৰমিকৰ স্বাস্থ্য সুনিশ্চিত কৰা। এই বিষয়বস্তুৰ জৰিয়তে শ্ৰমিকসকলৰ সুস্বাস্থ্য তথা নিৰাপত্তাৰ বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ বিচৰা হৈছে।
Assamese | May 1, 2024 1:24 PM | May Day
জলবায়ু পৰিৱৰ্তনৰ মাজত কৰ্মক্ষেত্ৰৰ সুৰক্ষা আৰু শ্ৰমিকৰ স্বাস্থ্য সুনিশ্চিত কৰাৰ মন্ত্ৰৰে সমগ্ৰ বিশ্বতে মে’ দিৱস পালন