May 1, 2024 6:55 PM

views 51

ৰাজ্যৰ বিভিন্ন স্থানত শ্রমিক দিৱস পালন

শ্রমিকসকলে আগবঢ়াই অহা অৱদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্বতে আজি আন্তর্জাতিক শ্রমিক দিৱস পালন কৰা হৈছে। আজিৰ এই দিনটো মে' দিৱস হিচাপেও পৰিচিত। অর্থনৈতিক আৰু সামাজিক অধিকাৰ লাভ কৰাৰ বাবে সমগ্ৰ বিশ্বৰ শ্রমিক সমাজে স্বীকাৰ কৰি অহা ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। কামৰ সময় দৈনিক ৮ ঘণ্টা নিৰ্ধাৰণৰ দাবীত ১৮৮৬ চনৰ আজিৰ দিনটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত অনুষ্ঠিত এখন বিশাল শ্রমিক সমাবেশৰ স্মৃতিচাৰণেৰে বিশ্বজুৰি এই দিৱস পালন কৰা হয়। সমগ্ৰ বিশ্বৰ শ্রমিক শ্ৰেণীৰ...

May 1, 2024 1:24 PM

views 50

জলবায়ু পৰিৱৰ্তনৰ মাজত কৰ্মক্ষেত্ৰৰ সুৰক্ষা আৰু শ্ৰমিকৰ স্বাস্থ্য সুনিশ্চিত কৰাৰ মন্ত্ৰৰে সমগ্ৰ বিশ্বতে মে’ দিৱস পালন

বিশ্বৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজিৰ দিনটো মে' দিৱস পালন কৰা হৈছে। ১৮৮৬ চনৰ আজিৰ দিনটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত অনুষ্ঠিত শান্তিপূর্ণ শ্রমিক সমাবেশত ৰাষ্ট্রশক্তিয়ে নিৰ্বিচাৰে গুলীচালনা কৰাৰ ফলত বহুসংখ্যক শ্রমিক হতাহত হোৱা ঘটনাৰ স্মৃতিচাৰণৰ উদ্দেশ্যে বিশ্বজুৰি আজিৰ দিনটো আন্তর্জাতিক শ্রমিক দিৱস হিচাপে পালন কৰা হৈ আহিছে। শ্ৰমিকসকলৰ কামৰ সময় আৰু মজুৰি নিৰ্ধাৰণৰ দাবীৰে চিকাগো চহৰত আয়োজিত সমাবেশখনক বিফল কৰাৰ লক্ষ্যৰে মালিক পক্ষৰ হকে স্থিতি গ্ৰহণ কৰি চৰকাৰে লোৱা এই শ্রমিক বিৰোধী ভূমিকা...