July 3, 2026 11:23 AM | Amarnath Yatra

printer

জম্মু-কাশ্মীৰৰ পেহেলগাম আৰু বালটল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ

জম্মু-কাশ্মীৰৰ পেহেলগাম আৰু বালটল দুয়োটা পথেৰে আজি বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ’ব। এই ৫৭ দিনীয়া তীর্থ যাত্ৰাৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তই পৱিত্ৰ অমৰনাথ গুহা দৰ্শন কৰাৰ সম্ভাৱনা আছে।

ভক্তসকলে প্ৰতিবছৰে ভগৱান শিৱৰ আশীষ বিচাৰি প্ৰাকৃতিকভাৱে বৰফেৰে গঠিত শিৱলিংগ দৰ্শনৰ উদ্দেশ্যে প্ৰায় ৩ হাজাৰ ৮৮৮ মিটাৰ উচ্চতাত অৱস্থিত পৱিত্ৰ অমৰনাথ গুহা ভ্ৰমণ কৰে। অহা ২৮ আগষ্টত ৰাখী বন্ধনৰ দিনা এই যাত্ৰাৰ সামৰণি পৰিব ।

অমৰনাথ গুহা দৰ্শনৰ বাবে অহা তীর্থযাত্ৰীৰ প্ৰথমটো দল কালি কটকটীয়া সুৰক্ষাৰ মাজত অনন্তনাগ জিলাৰ নুনৱান আৰু গান্দেৰৱল জিলাৰ বালটলস্থিত দ্বৈত মূল শিৱিৰত উপস্থিত হয়। জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই কালি পুৱা জন্মৰ ভগৱতী নগৰ যাত্ৰী নিৱাসৰ পৰা পতাকা জোকাৰি তীর্থযাত্ৰীৰ প্ৰথমটো দলক ৰাওনা কৰিছিল। তীর্থযাত্ৰীৰ প্ৰথমটো দলত ৪ হাজাৰ ৮২২ গৰাকী ভক্ত আছে। ইয়াৰে ভিতৰত দুহেজাৰ ৫১০ গৰাকীয়ে পেহেলগাম পথেৰে আৰু দুহেজাৰ ৩১২ গৰাকীয়ে বালটল পথেৰে অমৰনাথ গুহালৈ যাত্ৰা কৰিব । তীর্থযাত্ৰীসকলৰ বাবে সুলচ আৰু নিৰাপদ যাত্রা সুনিশ্চিত কৰাৰ উদ্দেশ্যে দুয়োটা পথতে পর্যাপ্ত সুৰক্ষা ব্যৱস্থা কৰা হৈছে। দুয়োটা পথত জিৰণি চ’ৰা, খাদ্য বিপণী, স্বাস্থ্যসেৱা আৰু উদ্ধাৰকাৰী দলৰ দৰে প্ৰয়োজনীয় সুবিধাৰ দিহা কৰা হৈছে ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।