কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী কে ৰামমোহন নাইডুৱে আজি কৈছে যে, জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে বিমান বন্দৰসমূহ আধুনিক ৰূপত বিকশাই তুলিছে। মন্ত্ৰীগৰাকীয়ে আজি হায়দৰাবাদত সংবাদ মাধ্যমৰ আগত কয়, যে বৈপ্লৱিক উড়ান আঁচনিৰ জৰিয়তে দেশৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ মহানগৰসমূহত বিমান বন্দৰ নিৰ্মাণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে মন্ত্ৰ্যালয়ে তেলেংগানাৰ কাঠগুদাম জিলাত আন এটা বিমানবন্দৰ বিকশাই তুলিছে। তেওঁ পর্যটন, শিক্ষা, উৎপাদন খণ্ডৰ লেখিয়াকৈ অসামৰিক বিমান পৰিবহন মন্ত্র্যালয়েও দেশত অত্যাধুনিকভাৱে বিকশাই তোলা বিমানবন্দৰসমূহে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি মন্তব্য কৰে। তেওঁ লগতে তেলেংগানাক মহাকাশৰ উৎপাদন হাব হিচাপে গঢ়ি তোলাৰ কথাও উল্লেখ কৰে।
Assamese | March 2, 2025 8:24 PM | Ministry of Civil Aviation
জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে বিমান বন্দৰসমূহ আধুনিক ৰূপত বিকশাই তুলিছেঃ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী কে ৰামমোহন নাইডু