December 7, 2025 12:10 PM

views 57

দেশৰ বিভিন্ন বিমান বন্দৰত সৃষ্টি হোৱা অচলাবস্থা দূৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ পদক্ষেপ

কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত বিমান পৰিবহন সংস্থা ইণ্ডিগ এয়াৰলাইনছৰ সংকটৰ বাবে বৰঝাৰকে ধৰি দেশৰ বিভিন্ন বিমান বন্দৰত সৃষ্টি হোৱা অচলাবস্থা দূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ লৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্র্যালয়ে আজি নিশা ৮ বজাৰ ভিতৰত বাতিল হোৱা বিমানৰ টিকটৰ ধন যাত্ৰীসকলক ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। নির্দেশটোত লগতে বিমান পৰিবহণ সংস্থাটোৱে ৪৮ ঘণ্টাৰ ভিতৰত যাত্ৰীৰ বয়বস্তুবোৰো ঘূৰাই দিব লাগিব বুলি উল্লেখ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ইণ্ডিগত দেখা দিয়া সংকটৰ সুযোগ লৈ অন্য বিমান পৰিবহন সংস্থাবোৰে টিকটৰ দাম বৃদ্ধি ক...

December 6, 2025 8:05 PM

views 48

তৎকালীনভাৱে যাত্ৰীসকলৰ বকেয়া ধন উভতাই দিবলৈ ইণ্ডিগো’ বিমান সংস্থাক নিৰ্দেশ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইণ্ডিগো' বিমান সংস্থাক তৎকালীনভাৱে যাত্ৰীসকলৰ বকেয়া ধন উভতাই দিবলৈ নিৰ্দেশ দিছে। কাইলৈ নিশা ৮ বজাৰ ভিতৰত ধন ঘুৰাই দিয়া প্রক্রিয়া বাধ্যতামূলকভাৱে সম্পূৰ্ণ কৰিবলৈ মন্ত্রালয়ে সংস্থাটোক নির্দেশ দিছে। লগতে যাত্রা বাতিল হোৱাৰ ফলত যিসকল যাত্ৰীয়ে সময়ৰ সালসলনি কৰিছিল তেনে যাত্ৰীৰ পৰা অতিৰিক্ত কোনো মাচুল আৰোপ নকৰিবলৈও মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে। এই প্ৰক্ৰিয়াত পলম কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্ত্ৰালয়ে সকীয়াই দিছে। উল্লেখযোগ্য যে এই ধন উভতাই দিয়া প্ৰক্ৰ...

July 23, 2025 1:04 PM

views 41

ভাৰতৰ আকাশমাৰ্গত পাকিস্তানী বিমান প্ৰৱেশৰ বাবে থকা নিষেধাজ্ঞা ২৩ আগষ্টলৈ বৃদ্ধি

পাকিস্তানী বিমান ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা ২৩ আগষ্টলৈ বৃদ্ধি কৰা হৈছে। অসামৰিক বিমান পৰিবহণ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহলে এই বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে এই সিদ্ধান্তই কৌশলগত দৃষ্টিকোণ আৰু সুৰক্ষা বিধি সন্দৰ্ভত দিয়া গুৰুত্বকে প্ৰতিফলিত কৰে। পাকিস্তানে নিজৰ আকাশমাৰ্গত ভাৰতীয় বিমানৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ পাছত ভাৰতে এই ব্যৱস্থা গ্ৰহণ কৰিছিল। পাকিস্তানেও ভাৰতীয় বিমানসমূহৰো নিজৰ আকাশমার্গত প্ৰৱেশৰ নিষেধাজ্ঞা ২৪ আগষ্টলৈ বৃদ্ধি কৰিছে। ইপিনে আজিৰে পৰা ২৫ ত...

March 2, 2025 8:24 PM

views 54

জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে বিমান বন্দৰসমূহ আধুনিক ৰূপত বিকশাই তুলিছেঃ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী কে ৰামমোহন নাইডু

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী কে ৰামমোহন নাইডুৱে আজি কৈছে যে, জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে বিমান বন্দৰসমূহ আধুনিক ৰূপত বিকশাই তুলিছে। মন্ত্ৰীগৰাকীয়ে আজি হায়দৰাবাদত সংবাদ মাধ্যমৰ আগত কয়, যে বৈপ্লৱিক উড়ান আঁচনিৰ জৰিয়তে দেশৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ মহানগৰসমূহত বিমান বন্দৰ নিৰ্মাণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে মন্ত্ৰ্যালয়ে তেলেংগানাৰ কাঠগুদাম জিলাত আন এটা বিমানবন্দৰ বিকশাই তুলিছে। তেওঁ পর্যটন, শিক্ষা, উৎপাদন খণ্ডৰ লেখিয়াকৈ অসামৰিক বিমান পৰিবহন মন্ত্র্যা...

December 22, 2024 8:20 PM

views 53

অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয়ৰ বিমান বন্দৰত উৰান যাত্ৰী কেফে মুকলিৰ কথা ঘোষণা

অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয়ে বিমান বন্দৰত উৰান যাত্ৰী কেফে মুকলি কৰা ঘোষণাই বিমান যাত্রীসকলক বৃহৎ সকাহ দিছে। এই কেফেসমূহত খাদ্য আৰু পানীৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ তুলনামূলকভাৱে কম মূল্যত উপলব্ধ হ'ব। ইতিমধ্যে কলকাতা বিমান বন্দৰত এই ধৰণৰ প্ৰথমখন কেফে পৰীক্ষামূলকভাৱে মুকলি কৰা হৈছে। এই কেফেখনৰ সফলতাৰ পাছৰ পৰ্যায়ত দেশৰ অন্যান্য বিমান বন্দৰসমূহতো এই পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে সদৰি কৰিছে।

July 14, 2024 8:48 PM

views 51

বিগত ১০ বছৰত ভাৰতৰ বিমান পৰিবহন খণ্ড গোলকীয়ভাৱে তৃতীয় স্থান উপনীত হৈছে: বিমান পৰিবহণ ৰাজ্য মন্ত্ৰী মুৰুলীধৰ মোহল

 বিমান পৰিবহণ ৰাজ্য মন্ত্ৰী মুৰুলীধৰ মোহলে আজি কয় যে, বিগত ১০ বছৰত ভাৰতৰ বিমান পৰিবহন খণ্ডত ব্যাপক প্ৰগতি সাধিত হোৱাৰ লগতে এই খণ্ড গোলকীয়ভাৱে তৃতীয় স্থান উপনীত হৈছে। পুনেৰ লহগাঁও বিমান বন্দৰত নৱনিৰ্মিত টার্মিনেল যাত্ৰীসকলৰ বাবে মুকলি কৰি আজি তেওঁ ভাষণ প্ৰসংগত এই কথা প্ৰকাশ কৰে। শ্ৰী মোহলে লগতে কয় যে, বিগত ১০ বছৰত দেশত ৪৬৯টা নতুন বিমানপথ মুকলি হোৱাৰ লগতে দিল্লী, বাংগালুৰু তথা অযোধ্যাৰ দৰে বিমান বন্দৰত নতুন টার্মিনেল নিৰ্মাণ কৰা হৈছে। তেওঁ লগতে শীঘ্ৰে দেশত ২০ৰ পৰা ২৫ টা নতুন বিমান বন্দৰ নিৰ্মা...

May 8, 2024 8:19 PM

views 44

বিমানৰ যাত্ৰা বাতিল কৰা সন্দৰ্ভত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰা প্ৰতিবেদন বিচাৰিছে

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে বিমানৰ যাত্ৰা বাতিল কৰা সন্দৰ্ভত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰা প্ৰতিবেদন বিচাৰিছে আৰু বিষয়টো শীঘ্ৰে সমাধান কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰালয়ে লগতে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছক অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ নিয়ম অনুসৰি যাত্ৰীসকলৰ বাবে সুবিধা সুনিশ্চিত কৰিবলৈ কৈছে। ইয়াৰ পূৰ্বে চালক দলৰ জ্যেষ্ঠ সদস্যসকলে জাননী নিদিয়াকৈ সমুহীয়াভাৱে অসুস্থতাৰ ছুটি লোৱাৰ বাবে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ কেইবাখনো বিমানৰ যাত্ৰা বাতিল কৰা হৈছে।