দেশৰ নিৰ্বাচন আয়োগে জনসাধাৰণক নির্বাচনী আচৰণ বিধি উলংঘা কৰাৰ ঘটনা পৰিলক্ষিত হ’লে চি-ভিজিল এপৰ জৰিয়তে আয়োগক জনাবলৈ আহ্বান জনাইছে। চি-ভিজিল এপ ডাউনল’ড কৰি ফটো, ভিডিঅ’ আৰু অডিঅ’ৰ জৰিয়তে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ বিষয়ে আয়োগক অৱগত কৰিব পাৰি। এই বিষয়ে জিলা নির্বাচনী বিষয়াকো পোনপটীয়াকৈ অভিযোগ দিব পাৰি। অভিযোগ দাখিল কৰা ব্যক্তিৰ বিষয়ে সকলো তথ্য গোপনে ৰখা হ’ব বুলি আয়োগে প্ৰকাশ কৰিছে।
Assamese | May 5, 2024 1:05 PM | Election Commission of India
জনসাধাৰণক নির্বাচনী আচৰণ বিধি উলংঘনৰ ঘটনা পৰিলক্ষিত হ’লে চি-ভিজিল এপৰ জৰিয়তে নিৰ্বাচন আয়োগক জনাবলৈ আহ্বান