জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা ওড়িশাৰ ভুৱনেশ্বৰত জনজাতি গৱেষণা প্ৰতিষ্ঠানসমূহ শক্তিশালীকৰণৰ লক্ষ্যৰে দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল ওৰামে কর্মশালাখন উদ্বোধন কৰিব। এই কৰ্মশালাত প্রায় ২০০ গৰাকী অংশগ্ৰহণকাৰীয়ে ভাগ ল’ব। এই উপলক্ষে জনজাতি পৰিক্ৰমা মন্ত্ৰালয় আৰু সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়, বাৰাণসীয়ে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব। জনজাতীয় কলা, সংস্কৃতি, ভাষা, পৰম্পৰাগত জ্ঞান আৰু দক্ষতা বিকাশৰ বাবে নিবেদিত প্ৰথমটো ডিজিটেল লার্নিং প্লেটফর্ম ট্রাইবএক্স মুকলি কৰা হ’ব। সমগ্ৰ দেশৰ জনজাতীয় গৱেষণা প্ৰতিষ্ঠানসমূহৰ কাম-কাজ পর্যালোচনা কৰা আৰু ইয়াক উন্নত জ্ঞান প্রতিষ্ঠান, সাংস্কৃতিক কেন্দ্ৰ আৰু জনজাতীয় উন্নয়নৰ বাবে নীতি প্ৰস্তুতকাৰী কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাটোৱেই দুদিনীয়া কৰ্মশালাখনৰ মুল উদ্দেশ্য।
Assamese | July 7, 2026 12:35 PM | National workshop
জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন