বিৰোধী দলৰ ঐক্যমঞ্চই আজি ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে সদনৰ কাম-কাজত পক্ষপাতিত্ব কৰাৰ অভিযোগ তুলি ৰাজ্যসভাৰ সচিব প্ৰধানৰ ওচৰত অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল কৰে । সামাজিক মাধ্যমৰ এটা পোষ্টত কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশে এই কথা প্ৰকাশ কৰি কয়, যে ৰাজ্যসভাৰ সভাপতিৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ বাহিৰে আন কোনো বিকল্প নাছিল। সংসদীয় গমতন্ত্ৰৰ স্বাৰ্থত বিৰোধীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি কংগ্ৰেছ সাংসদগৰাকীয়ে প্ৰকাশ কৰিছে।
Assamese | December 10, 2024 8:11 PM | Jagdeep Dhankhar
জগদীপ ধনখড়ে সদনৰ কাম-কাজত পক্ষপাতিত্বৰ অভিযোগেৰে বিৰোধী ঐক্যমঞ্চৰ ৰাজ্যসভাৰ সচিব প্ৰধানৰ ওচৰত অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল