October 19, 2026 12:08 PM | Saudi Arab Situation

printer

ছৌদি আৰৱত থকা ভাৰতীয় নাগৰিকক সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ পৰামৰ্শ

ৰিয়াধস্থিত ভাৰতীয় দূতাবাসে ছৌদি আৰৱত থকা ভাৰতীয় নাগৰিকসকলক দেশখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ পৰামৰ্শ দিছে। দূতাবাসে লগতে বিমান আক্ৰমণৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে নিৰাপদ স্থানলৈ যাবলৈ পৰামৰ্শ দিছে। দূতাবাস কর্তৃপক্ষই জাৰি কৰা পৰামৰ্শাৱলীত হুথি বিদ্রোহীৰ ড্রোন আৰু ক্ষেপণাস্ত্র আক্রমণৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নাগৰিকসকলক ছৌদি কর্তৃপক্ষই জাৰি কৰা সুৰক্ষা নির্দেশনা মানি চলিবলৈ আহ্বান জনাইছে। তদুপৰি জনসাধাৰণক ঘৰৰ ভিতৰত আশ্রয় ল’বলৈ, খিৰিকি আৰু মুকলি ঠাইৰ পৰা আঁতৰি থাকিবলৈ, ঘটনাৰ ফটো বা ভিডিঅ’ প্রস্তুত নকৰিবলৈ আৰু চৰকাৰী সতর্কবাণী অনুসৰণ কৰিবলৈ কোৱা হৈছে। বাহন চালকসকলক দলং আৰু ওখ অট্টালিকাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। দূতাবাসৰ বিষয়াসকলে চিকিৎসালয়লৈ গৈ চিকিৎসাধীন হৈ থকা আহত ভাৰতৰ লোকসকলৰ নিৰন্তৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতেও সংযোগ ৰক্ষা কৰিছে।

ইপিনে ৰিয়াধ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বিমানৰ চলাচল বন্ধ কৰি দিয়া হৈছে। অৱশ্যে কিছু অসুবিধাৰ মাজতো ডান্নাম, জেদ্দা আৰু মেদিনা বিমান বন্দৰৰ সেৱা অব্যাহত আছে। সাম্প্রতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এয়াৰ ইণ্ডিয়া, এয়াৰ ইণ্ডিয়া এক্সপ্রেছ, ইণ্ডিগোই ছৌদি আৰৱলৈ যোৱা আৰু অহা সকলো বিমানৰ চলাচল ২৪ অক্টোবৰলৈ বাতিল কৰিছে। আকাশা এয়াৰৰ বিমান সেৱা ২৭ অক্টোবৰলৈ বাতিল কৰা হৈছে।