প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে, ছান্থাল পৰগানা আৰু ক’লহান অঞ্চলৰ জনগাঁথনি দ্রুতহাৰত পৰিৱৰ্তন হৈ আছে আৰু এই অঞ্চলসমূহত ৰোহিঙ্গীয়া আৰু বাংলাদেশীৰ অনুপ্ৰৱেশ ভাবুকি স্বৰূপ হৈ পৰিছে। তেওঁ কয় যে, এই অঞ্চলসমূহত অনুপ্ৰৱেশ বৃদ্ধি হোৱাৰ বিপৰীতে জনজাতিৰ জনসংখ্যা হ্ৰাস পাই আহিছে। জামছেদপুৰৰ গোপাল ময়দানত আয়োজিত পৰিৱৰ্তন মহা সমাবেশত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে, জে এম এম, আৰ জে ডি আৰু কংগ্ৰেছে ভোট বেংকৰ ৰাজনীতি কৰি আছে আৰু তোষামোদেই হৈছে এই দলসমূহৰ প্ৰধান কৌশল। জে এম এম, আৰ জে ডি আৰু কংগ্ৰেছক ঝাৰখণ্ডৰ সৰ্ববৃহৎ শত্ৰু বুলি অভিহিত কৰি শ্ৰী মোদীয়ে এই দলসমূহক ক্ষমতালোভী বুলি আখ্যা দিয়ে। চলিত বৰ্ষৰ শেষৰ ভাগত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পাছত ৰাজ্যখনত বিজেপি ক্ষমতালৈ আহিব বুলি তেওঁ জনসাধাৰণক আশ্বাস প্ৰদান কৰে।
Assamese | September 15, 2024 8:08 PM | PM Modi at Jharkhand
ছান্থাল পৰগানা আৰু ক’লহান অঞ্চলৰ জনগাঁথনি দ্রুতহাৰত পৰিৱৰ্তনৰ লগতে এই অঞ্চলসমূহত ৰোহিঙ্গীয়া আৰু বাংলাদেশীৰ অনুপ্ৰৱেশে ভাবুকি হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য