June 30, 2026 8:00 PM | President

printer

ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ জৰিয়তে এখন সৰ্বাত্মক আৰু সমতাৰ আদর্শেৰে উদ্বুদ্ধ সমাজ গঢ়াৰ বাবে আহ্বান ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ জৰিয়তে এখন সৰ্বাত্মক আৰু সমতাৰ আদর্শেৰে উদ্বুদ্ধ সমাজ গঢ়াৰ বাবে আহ্বান জনাইছে। অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ কেন্দ্ৰীয় জনজাতি বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহক সম্বোধি শ্ৰীমতী মুর্মুৱে এই আহ্বান জনায়। তেওঁ কয়, যে শিক্ষিত যুৱক-যুৱতীসকলে কেৱল তেওঁলোকে নিজে আগবাঢ়ি যোৱাৰ কথা ভৱা উচিত নহয়, বৰং সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ উন্নয়নৰ বাবে কাম কৰি ৰাষ্ট গঠনত অৱদান আগবঢ়োৱা উচিত। শ্ৰীমতী মুমুৱে শিক্ষাৰ্থীসকলক সামাজিক পৰিৱৰ্তনৰ একোগৰাকী প্ৰতিনিধি হিচাপে নিজক আগবঢ়াই লৈ যোৱাৰ বাবে আহ্বান জনায়। তেওঁ কয়, যে শিক্ষা নিয়োগ সুনিশ্চিত কৰাৰ লগতে সমাজ, সাংস্কৃতিক পৰম্পৰা আৰু অৰ্থনৈতিক উন্নয়নক শক্তিশালী কৰাৰ এটা প্রধান আহিলা। শ্ৰীমতী মুমুৱে প্ৰতিগৰাকী শিক্ষিত যুৱক-যুৱতীক পিচ পৰা আৰু অনগ্ৰসৰ লোকসকলক সহায়ৰ জৰিয়তে ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ সপোনক বাস্তৱায়িত কৰাৰ আহ্বান জনায়। অর্থপূর্ণ শিক্ষা ব্যৱস্থাত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে শিক্ষার্থীসকলে প্রতিষ্ঠানগত শিক্ষা বাস্তৱ জীৱনৰ জ্ঞানৰ সৈতে একত্ৰিত কৰি তেওঁলোকৰ সংস্কৃতি, পৰম্পৰা আৰু সম্প্ৰদায়ৰ সৈতে জড়িত হৈ থকা উচিত। দ্রুত পৰিৱৰ্তনশীল বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ বাবে প্ৰয়োজনীয় নতুন দক্ষতা আহৰণৰ ক্ষেত্ৰত এই দৃষ্টিভংগী যথেষ্ট সহায়ক হ’ব বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে কেন্দ্রীয় জনজাতি বিশ্ববিদ্যালয়সমূহৰ দৰে সামাজিক ন্যায়ৰ বিষয়-বস্তুক অগ্ৰাধিকাৰ দিয়া শৈক্ষিক প্রতিষ্ঠানসমূহৰ, জনজাতীয় শিক্ষা, স্বাস্থ্য সেৱা, দক্ষতা বিকাশ, বনাঞ্চলৰ অধিকাৰ আদি বিষয়সমূহক উৎসাহ যোগোৱাৰ ক্ষেত্ৰত বিশেষ দায়িত্ব আছে। শ্রীমতী মুমুৱে জনজাতীয় লোকসকলৰ সৱলীকৰণৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি হাব, জনজাতীয় দক্ষতা বিকাশ কেন্দ্র, তৃণমূল পৰ্যায়ত উন্নয়ন কাৰ্য্যসূচী আদিৰ দৰে বিষয়বস্তুসমূহক আগুৱাই নিয়াৰ বাবে বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্রশংসা কৰে।

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে কয়, যে জনজাতীয় সমাজতে দেশৰ শিক্ষা ব্যৱস্থাৰ শিপা লুকাই আছে, যিয়ে প্রকৃতি, বনাঞ্চল, কৃষি, পশুধন আদিৰ দৰে বিভিন্ন বিষয়ৰ জ্ঞানক সামৰি লৈছে। মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক চাকৰি বিচৰাৰ সলনি চাকৰি সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰাৰ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।