বৈদেশিক মন্ত্রী ড০ এছ জয়শংকৰে কালি ছফিয়াত বুলগেৰিয়াৰ প্ৰধানমন্ত্ৰী ৰুমেন ৰাদেৱক সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ভাৰত-বুলগেৰিয়া কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰি তুলিব পৰা নতুন সুযোগসমূহৰ ওপৰত আলোকপাত কৰে। ক্ৰমাৎ অস্থিৰ হৈ পৰা বিশ্বক বিপদমুক্ত কৰি তোলা আৰু বৈচিত্র্যতা সৃষ্টিৰ বাবে ঘনিষ্ঠ দ্বিপাক্ষিক সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে।
সামাজিক মাধ্যমৰ এটা পোষ্টত ড০ জয়শংকৰে কয় যে তেওঁলোকে বাণিজ্য আৰু বিনিয়োগ, ঔষধ, অর্ধপৰিবাহী, কৃত্রিম বুদ্ধিমত্তা, মহাকাশ, প্ৰতিৰক্ষা, গতিশীলতা, পর্যটন, আৰু সৃষ্টিশীল মনোৰঞ্জন উদ্যোগৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰে। পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰতো নেতাদুগৰাকীয়ে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে ড° জয়শংকৰে ছফিয়াৰ ৰাষ্ট্ৰীয় ঐতিহাসিক সংগ্রহালয় পৰিদৰ্শন কৰে। আজি ড০ জয়শংকৰে ফিনলেণ্ড ভ্ৰমণ কৰি চতুৰ্দশ সংস্কৰণৰ কুলটাৰন্তা আলোচনাত অংশগ্ৰহণ কৰিব ।