ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাই জল সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে নজিৰ সৃষ্টি কৰা বুলি জল শক্তি মন্ত্রালয়ৰ প্রকাশ

বৈজ্ঞানিক পৰিকল্পনা আৰু সামূহিক অংশগ্ৰহণৰ জৰিয়তে “কেটচ দ্য ৰেইন অভিযান” আৰু “মিছন জল ৰক্ষা”ৰ অধীনত ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাই জল সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে নজিৰ সৃষ্টি কৰা বুলি জল শক্তি মন্ত্রালয়ে প্রকাশ কৰিছে।

৬৬২ খন গাঁৱত ৬০ হাজাৰতকৈও অধিক পানী সংৰক্ষণ আৰু জল পুনৰ ভৰ্তিৰ সুবিধা সৃষ্টি কৰা হৈছে। ৫০০ ৰো অধিক নিষ্ক্রিয় হৈ থকা পানীৰ উৎসক ৰিচাৰ্জ শ্বাফ্টলৈ ৰূপান্তৰিত কৰাৰ লগতে ছয় শতাধিক বিশেষ কুঁৱাক ১,৭০০ মিনি পার্ক’লেশ্যন টেংকৰ সৈতে সংযোগ কৰাৰ উপৰি ২,৫০০ পানীৰ উৎসক জিও-টেগ কৰা হৈছে।

মন্ত্রালয়ে কয় যে এই পদক্ষেপৰ অধীনত সম্ভাব‍্য ভূগর্ভস্থ পানী পুনৰ ভৰ্তি কৰা স্থান চিনাক্ত কৰিবলৈ জিআইএছ মেপিং, ৰিম’ট চেঞ্চিং, একুইফাৰ মেপিং আৰু ডিজিটেল এলিভেচন মডেলৰ দৰে উন্নত প্রযুক্তি ব্যৱহাৰ কৰা হৈছে।

এই বৈজ্ঞানিক পদক্ষেপসমূহে বৰষুণৰ পানী সংগ্ৰহ আৰু ভূগর্ভস্থ পানী পুনৰ ভৰ্তি কৰা প্রক্রিয়া উল্লেখযোগ্যভাৱে ত্বৰান্বিত কৰা বুলি মন্ত্রালয়ে লগতে প্রকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।