July 26, 2026 8:21 PM

views 18

ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাই জল সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে নজিৰ সৃষ্টি কৰা বুলি জল শক্তি মন্ত্রালয়ৰ প্রকাশ

বৈজ্ঞানিক পৰিকল্পনা আৰু সামূহিক অংশগ্ৰহণৰ জৰিয়তে "কেটচ দ্য ৰেইন অভিযান" আৰু "মিছন জল ৰক্ষা"ৰ অধীনত ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাই জল সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে নজিৰ সৃষ্টি কৰা বুলি জল শক্তি মন্ত্রালয়ে প্রকাশ কৰিছে। ৬৬২ খন গাঁৱত ৬০ হাজাৰতকৈও অধিক পানী সংৰক্ষণ আৰু জল পুনৰ ভৰ্তিৰ সুবিধা সৃষ্টি কৰা হৈছে। ৫০০ ৰো অধিক নিষ্ক্রিয় হৈ থকা পানীৰ উৎসক ৰিচাৰ্জ শ্বাফ্টলৈ ৰূপান্তৰিত কৰাৰ লগতে ছয় শতাধিক বিশেষ কুঁৱাক ১,৭০০ মিনি পার্ক'লেশ্যন টেংকৰ সৈতে সংযোগ কৰাৰ উপৰি ২,৫০০ পানীৰ উৎসক জিও-টেগ কৰা হৈছে। মন্ত...