ছত্তিশগড় জিলাৰ বিজাপুৰৰ তেলেংগানা সীমান্তৰ কাৰেগুটা পাহাৰত প্ৰায় ২১ দিন ধৰি চলি থকা মাওবাদী বিৰোধী অভিযানত ১৬ গৰাকী মহিলা মাওবাদীকে ধৰি মুঠ ৩১ জন মাওবাদী নিহত হৈছে। বিজাপুৰত কালি অনুষ্ঠিত এখন সংবাদমেলত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চি আৰ পি এফৰ সঞ্চালক প্রধান জ্ঞানেন্দ্র প্রতাপ সিং, ছত্তিশগড়ৰ আৰক্ষী সঞ্চালক প্ৰধান অৰুণ দেৱ গৌতম আৰু বিজাপুৰৰ আৰক্ষী অধীক্ষক জিতেন্দ্ৰ কুমাৰ যাদৱে কয় যে যোৱা ২১ এপ্ৰিলৰ পৰা ১১ মে’লৈ চলোৱা অভিযানত মুঠ ২১ বাৰ সংঘৰ্ষৰ সূত্রপাত হয়। এই সময়ছোৱাত ছেল্ফ লোডিং ৰাইফল, অর্ধস্বয়ংক্রিয় অস্ত্রকে মুঠ পঁয়ত্রিশটা অস্ত্র তথা ৪৫০টা আই ই ডিকে উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰি অভিযানৰ সময়ত দুশ চৈধ্যটা বাংকাৰকে ধৰি মাওবাদীয়ে আত্মগোপন বিভিন্ন স্থান ধ্বংস কৰা হয় আৰু প্ৰায় বাৰ হাজাৰ কিলোগ্ৰাম ৰেচন জব্দ কৰা হয়। এই অভিযানত নিহত হোৱা মাওবাদীসকলৰ ২৮ জনক ইতিমধ্যে চিনাক্ত কৰা হৈছে। তেওঁলোকৰ বাবে এক কোটি বাসত্তৰ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। চি আৰ পি এফৰ সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি চৰকাৰে ২০২৬ চনৰ মাৰ্চৰ ভিতৰত দেশক নক্সালমুক্ত কৰাৰ বাবে লোৱা সংকল্প পূৰণৰ বাবে কেন্দ্ৰীয় সুৰক্ষা বাহিনীসমূহে ৰাজ্য আৰক্ষীৰ সহযোগত অবিৰতভাৱে মাওবাদী বিৰোধী অভিযান চলাই আছে।
Assamese | May 15, 2025 11:53 AM | Maoists Killed
ছত্তিশগড় বিজাপুৰত ৩১ জন মাওবাদী নিহত