May 15, 2025 11:53 AM

views 46

ছত্তিশগড় বিজাপুৰত ৩১ জন মাওবাদী নিহত

ছত্তিশগড় জিলাৰ বিজাপুৰৰ তেলেংগানা সীমান্তৰ কাৰেগুটা পাহাৰত প্ৰায় ২১ দিন ধৰি চলি থকা মাওবাদী বিৰোধী অভিযানত ১৬ গৰাকী মহিলা মাওবাদীকে ধৰি মুঠ ৩১ জন মাওবাদী নিহত হৈছে। বিজাপুৰত কালি অনুষ্ঠিত এখন সংবাদমেলত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চি আৰ পি এফৰ সঞ্চালক প্রধান জ্ঞানেন্দ্র প্রতাপ সিং, ছত্তিশগড়ৰ আৰক্ষী সঞ্চালক প্ৰধান অৰুণ দেৱ গৌতম আৰু বিজাপুৰৰ আৰক্ষী অধীক্ষক জিতেন্দ্ৰ কুমাৰ যাদৱে কয় যে যোৱা ২১ এপ্ৰিলৰ পৰা ১১ মে'লৈ চলোৱা অভিযানত মুঠ ২১ বাৰ সংঘৰ্ষৰ সূত্রপাত হয়। এই সময়ছোৱাত ছেল্ফ লোডিং ৰাইফ...

February 20, 2025 7:26 AM

views 46

মধ্যপ্ৰদেশৰ বালাঘাট জিলাত আৰক্ষী বাহিনীৰে হোৱা সংঘৰ্ষত ৩গৰাকী নক্সালবাদী নিহত

মধ্যপ্ৰদেশৰ বালাঘাট জিলাত কালি হক বাহিনী আৰু জিলা আৰক্ষী বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত তিনিগৰাকী নক্সালবাদী নিহত হয়। নিহত আটাইকেইগৰাকী নক্সালবাদী মহিলা। গাঢ়ী থানাৰ অন্তৰ্গত ছুপখাৰ বনাঞ্চলিক কার্যালয়ৰ ৰৌণ্ডা বন শিবিৰৰ সমীপত এই ঘটনা সংঘটিত হয়। অভিযানকাৰী দলে নিহত নক্সালবাদীৰ দলটোৰ পৰা এটা INSAS ৰাইফল, এটা SLR ৰাইফল, এটা পইন্ট 303 ৰাইফল জব্দ কৰিছে।

May 29, 2024 6:39 PM

views 54

চত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত মহিলা বিদ্রোহীসহ ২ মাওবাদী নিহত

চত্তীশগড়ৰ বিজাপুৰ জিলাত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত মহিলা বিদ্রোহীসহ ২ টা মাওবাদী নিহত হয়। আজি পুৱা মাড্ডেদ অঞ্চলৰ বাদ্দেপাৰাত সংঘটিত হোৱা সংঘৰ্ষত আৰক্ষীয়ে বিভিন্ন অস্ত্র-শস্ত্রও উদ্ধাৰ কৰে।