কেন্দ্রীয় মন্ত্রীসভাই উত্তৰ প্ৰদেশত ১৯নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসীৰ ৰিং ৰোডৰ মাজৰ ৪৫ কিলোমিটাৰৰো অধিক দৈর্ঘ্যৰ ছটা লেনযুক্ত গ্রীন ফিল্ড এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন দিছে। নতুন দিল্লীত আজি সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ বিশেষ আৰ্হিৰ অধীনত নির্মাণ কৰিবলগীয়া এই প্ৰকল্পৰ বাবে ১৪,৪০০ কোটি টকা ব্যয় হ’ব আৰু এই পথটোৱে ১৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰানসী ৰিং ৰোডৰ মাজত যোগাযোগ সূচল কৰি তুলিব। এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে বাৰাণসী চহৰৰ যান-জট হ্রাস পাব আৰু আহ-যাহ সুচল হৈ উঠিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্রকল্পটো সামৰি ল’বলগীয়া এলেকাসমূহত যাত্ৰাৰ সময়ত প্রায় ৬০ মিনিটৰ পৰা ২০ মিনিটলৈ হ্রাস পাব। প্রকল্পটোৱে গুৰুত্বপূৰ্ণ ধর্মীয়, শৈক্ষিক আৰু সাংস্কৃতিক স্থানৰ সৈতে যোগাযোগ উন্নত কৰাত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কবে।
শ্রীবৈষ্ণৱে কয়, যে মন্ত্রীসভাই চেমিকনডাক্টৰ আৰ্হি আৰু উৎপাদন ব্যবস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে ১,২৭,৫০০ কোটি টকাৰ পুজিৰে ছেমিকন মিছনৰ দ্বিতীয় পর্যায়ৰ অনুমোদন জনাইছে। তেওঁ কয় যে চেমিকন মিছনৰ প্ৰথম পৰ্যায়ৰ সাফল্যৰ পৰা আগবাঢ়ি ভাৰতক গোলকীয় ছেমিকনডাক্টৰ মানচিত্ৰত অন্তর্ভুক্ত কৰাৰ উদ্দেশ্যে অভিযানটোৰ দ্বিতীয় পর্যায়ৰ অনুমোদন দিয়া হৈছে। তেওঁ কয়, যে এই মিছনে অর্থনৈতিক বিকাশত অৰিহণা যোগাব, যোগান শৃংখলা সুদৃঢ় কৰিব আৰু গুৰুত্বপূৰ্ণ কাৰিকৰী শ্রেষ্ঠত্ব অৰ্জনত সহায় কৰিব।
মন্ত্রীসভাই ৬২,৫০০ কোটি টকাৰ মূলধনেৰে মোবাইল ফোন নিৰ্মাণৰ আঁচনিতো অনুমোদন দিয়া বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে এই আঁচনি পৰৱৰ্তী ৫ বছৰৰ বাবে ৰূপায়ণ কৰা হ’ব। তেওঁ কয় যে এই আঁচনিৰ অধীনত দেশত মোবাইল ফোন নিৰ্মাণৰ বাবে বিক্ৰীৰ ক্ষেত্ৰত ২.২৫ শতাংশ পর্যন্ত উদগণিমূলক সাহায্য আগবঢ়োৱা হ’ব। থলুৱাভাৱে নির্মিত যন্ত্রাংশ ব্যৱহাৰ কৰাৰ বাবে ১.৫ শতাংশ পর্যন্ত অতিৰিক্ত উদগণিমূলক সাহায্য প্রদান কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে আঁচনিখনৰ ৰূপায়ণৰ সময়ছোৱাত প্রায় ২৯ লাখ কোটি টকাৰ মোবাইল ফোন উৎপাদন হ’ব আৰু ইয়াৰ জৰিয়তে ৬০ হাজাৰ লোকে প্রত্যক্ষ কর্মসংস্থাপনৰ সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে। মন্ত্রীসভাই আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ইউৰীয়া বিনিয়োগ নীতি ২০২৬ত অনুমোদন জনাইছে। আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য পূৰণৰ উদ্দেশ্যে গেছ আধাৰিত ইউৰীয়া উৎপাদন গোট স্থাপনৰ বাবে ইউৰীয়া খণ্ডত নতুন বিনিয়োগৰ প্ৰসাৰেই এই নীতিৰ মূল উদ্দেশ্য।