July 15, 2026 8:38 PM

views 13

ছটা লেনযুক্ত গ্রীন ফিল্ড এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ প্ৰস্তাৱত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই উত্তৰ প্ৰদেশত ১৯নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসীৰ ৰিং ৰোডৰ মাজৰ ৪৫ কিলোমিটাৰৰো অধিক দৈর্ঘ্যৰ ছটা লেনযুক্ত গ্রীন ফিল্ড এলিভেটেড কৰিড'ৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন দিছে। নতুন দিল্লীত আজি সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ বিশেষ আৰ্হিৰ অধীনত নির্মাণ কৰিবলগীয়া এই প্ৰকল্পৰ বাবে ১৪,৪০০ কোটি টকা ব্যয় হ'ব আৰু এই পথটোৱে ১৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰানসী ৰিং ৰোডৰ মাজত যোগাযোগ সূচল কৰি তুলিব। এই প্ৰকল্পৰ ...

December 31, 2025 7:35 PM

views 45

নাছিক-চোলাপুৰ কৰিড’ৰ প্ৰকল্পৰ বাবে কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই আজি ওড়িশাত ৩২৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ আৰু ৬-লেনযুক্ত নাছিক-চোলাপুৰ কৰিড'ৰ প্ৰকল্পৰ বাবে অনুমোদন দিয়ে। অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেন্দ্রীয় মন্ত্রীসভাই মহাৰাষ্ট্ৰত ৬-লেনযুক্ত নাছিক-চোলাপুৰ- আক্কালকোট কৰিড'ৰ প্ৰকল্পত অনুমোদন দিছে। ১৯ হাজাৰ ১৪২ কোটি টকা মূলধনী ব্যয়েৰে ৩৭৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ঘাইপথটো নিৰ্মাণ কৰা হ'ব। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই প্রকল্পই কুর্নুলক সংযোগ কৰা নাছিক, অহিল্যানগৰ আৰু...

July 1, 2025 7:31 PM

views 53

দেশত কর্মসংস্থান বিষয়ক উদগণি আঁচনিত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই দেশত কর্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে প্ৰায় এক লাখ কোটি টকাৰে ৰূপায়ণ কৰিবলগীয়া কর্মসংস্থান বিষয়ক উদগণি আঁচনিত অনুমোদন জনাইছে। এই আঁচনিৰ অধীনত দুই বছৰত দেশত ৩ কোটি ৫০ লাখৰো অধিক কর্মসংস্থাপন সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰি হৈছে। চলিত বৰ্ষৰ পহিলা আগষ্ট আৰু ২০২৭ চনৰ ৩১ জুলাইৰ ভিতৰত সৃষ্টি হোৱা চাকৰিৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য হ'ব। আঁচনিৰ জৰিয়তে নির্মাণ খণ্ডত বিশেষ গুৰুত্ব আৰোপেৰে সকলো ক্ষেত্ৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি আৰু সামাজিক সুৰক্ষা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈ...

May 28, 2025 9:24 PM

views 54

২০২৫-২৬ বৰ্ষৰ বাবে খাৰিফ শস্যৰ ন্যূনতম সমর্থিত মূল্য বৃদ্ধিত কেবিনেট কমিটীৰ অনুমোদন

অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে ২০২৫-২৬ বৰ্ষৰ বাবে খাৰিফ শস্যৰ ন্যূনতম সমর্থিত মূল্য বৃদ্ধিৰ অনুমোদন জনাইছে। কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভৰ নিশ্চিতি প্ৰদান কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই মূল্য বৃদ্ধি কৰাৰ কথা আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে ক'লা চাউলৰ বাবে প্ৰতি কুইণ্টলত সৰ্বাধিক ৪২০ টকা, ৰাগীত ৫৯৬ টকা, কপাহত ৫৮৯ টকা আৰু তিলত ৫৭৯ টকা ধাৰ্য কৰাৰ পৰামৰ্শ প্ৰদান কৰে। কেবিনেটে মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ বাবে ৩ হাজাৰ...

May 1, 2025 11:48 AM

views 70

পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত

কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ ৰাজনৈতিক পৰিক্ৰমা বিষয়ক কমিটীয়ে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি নতুন দিল্লীত সাংবাদিকক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে দেশৰ সামাজিক গাঁথনি যাতে বিঘ্নিত নহয় সেই কথা বিবেচনা কৰি জৰীপৰ পৰিৱৰ্তে লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰা উচিত। এনে গণনাই সমাজৰ আৰ্থ-সামাজিক পৰিকাঠামো সুদৃঢ় কৰিব আৰু ৰাষ্ট্ৰৰ...

August 17, 2024 10:36 AM

views 55

দেশত তিনিটা নতুন মেট্ৰ’ ৰে’ল প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে দেশত তিনিটা নতুন মেট্ৰ' ৰে'ল প্ৰকল্প ৰূপায়নৰ প্ৰস্তাৱত অনুমোদন দিছে। এই প্রকল্পসমূহৰ ভিতৰত ১৫ হাজাৰ ৬১১ কোটি টকাৰে ৰূপায়ণ কৰিবলগীয়া বাংগালুৰু মেট্ৰ'ৰ তৃতীয় পৰ্যায়, ১২ হাজাৰ ২০০ কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া থানে ইণ্টিগ্ৰেট ৰিং মেট্ৰ' ৰে'ল প্ৰকল্প আৰু প্ৰায় ৩ হাজাৰ কোটি টকা ব্যয়েৰে স্বাৰগেটৰ পৰা কটৰাজলৈ দক্ষিণ দিশে পুনে মেট্ৰ' ৰে'লৰ প্ৰথম পৰ্যায়ৰ সম্প্ৰসাৰণ অন্যতম। কেবিনেট বৈঠকৰ অন্তত কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈ...