ৰাজ্য চৰকাৰে চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ লগতে কেইবাখনো জিলাৰ ধানখেতিত হোৱা শুৰপোকৰ আক্রমণ নিয়ন্ত্রণ আৰু নতুন অঞ্চললৈ ইয়াৰ প্ৰসাৰ ৰোধৰ বাবে ব্যবস্থা গ্ৰহণ কৰিছে। কৃষি বিভাগৰ বিবৃতি অনুসৰি চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ জিলা কৃষি বিষয়াসকলৰ লগতে অন্যান্য জিলাতো অনুমোদিত পদ্ধতি অনুসৰি শুৰপোক নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱা হৈছে। প্রভাবিত কৃষকসকলৰ মাজত প্রয়োজনীয় কীটনাশক আৰু ৰাসায়নিক দ্রব্য বিতৰণ কৰা হৈছে। বিভাগে লগতে শুৰপোক নিয়ন্ত্ৰণৰ বাবে আধুনিক প্রযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে। এই অনুসৰি ড্রোন প্ৰযুক্তিৰ জৰিয়তে ধানৰ সুৰক্ষাৰ বাবে ৰাসায়নিক দ্রব্য ছটিওৱাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ কৃষি উৎপাদন আয়ুক্ত আৰু অসম কৃষি সঞ্চালকৰ পৰ্যালোচনা আৰু নির্দেশনাত কৃষি বিভাগৰ বিষয়া তথা সম্প্ৰসাৰণ কর্মীসকলক পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ আৰু ক্ষতিগ্রস্ত ধান খেতিয়কসকলক প্রয়োজনীয় সহায়-সহযোগিতা আগবঢ়াবলৈ কোৱা হৈছে। প্রাপ্ত তথ্য অনুসৰি ৰাজ্যৰ প্ৰায় ৪৩৫ হেক্টৰ মাটিৰ ধানখেতিত শুৰপোকৰ আক্রমণ হৈছে বুলি কৃষি বিভাগে প্রকাশ কৰিছে।
Assamese | September 9, 2026 8:16 PM | hur pok
চৰাইদেউ, শিৱসাগৰ আৰু নগাঁও আদি জিলাৰ ধানখেতিত শুৰপোকৰ উপদ্ৰৱ