চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰত আফ্রিকান ছোৱাইন ফিভাৰৰ অৱস্থিতি নিশ্চিত হোৱাৰ পাছতে জিলা প্রশাসনে জৰুৰী নির্দেশনা জাৰি কৰিছে। জিলাখনৰ পশু চিকিৎসা বিষয়াৰ পৰা লাভ কৰা তথ্য অনুসৰি চৰাইদেউৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত লুখৰাখন গাঁৱত এই ৰোগৰ অৱস্থিতি ধৰা পৰিছে। জিলা দণ্ডাধীশ ড০ নেহা যাদরে জাৰি কৰা নির্দেশনাটোত ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত মাহমৰা ৰাজহ চক্ৰৰ ভিতৰত গাহৰি পালন বা গাহৰি মাংসৰ বিক্ৰী তথা ক্ৰয় কৰা নিষিদ্ধ কৰিছে। যদি কোনো গাহৰিৰ মৃত্যু হয় তেন্তে ততালিকে স্থানীয় পশু চিকিৎসা বিভাগক গাহৰি পালকে জনাব লাগিব। লগতে গাহৰি মৃতদেহসমূহ জৈৱ সুৰক্ষা বিধি মানি দ’ গাঁতত পুতি পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব। নির্দেশনাত সকলো গাহৰি পালকক জৈৱ সুৰক্ষা ব্যৱস্থা মানি চলিবলৈ নির্দেশ দিয়া হৈছে। এই নির্দেশনা কালিৰ পৰা কাৰ্যকৰী হৈছে আৰু পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত বাহাল থাকিব। নির্দেশনা উলংঘা কৰা লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যবস্থা গ্রহণ কৰা হ’ব বুলি জিলা প্রশাসনে জাৰি কৰা নির্দেশনাটোত স্পষ্ট উল্লেখ কৰা হৈছে।
Assamese | June 13, 2026 1:23 PM | swain flu
চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰত জৰুৰী নির্দেশনা জাৰি