চৰকাৰে বিশ্ব বেংকৰ পুঁজিৰে পৰিচালিত অসম স্থিতিস্থাপক গুণ সম্পন্ন গ্রাম্য দলং কার্যসূচী এ আৰ আৰ বি পিৰ অধীনত ৰাজ্যৰ ১২ খন জিলাত আৰু ২৮ খন দলং নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই দলংসমূহ নিৰ্মাণ কৰাৰ বাবে ৮৫ কোটি ৮৮ লাখ টকা ব্যয় হ’ব। ৰাজ্য চৰকাৰে এ আৰ আৰ বি পি কাৰ্যসূচীৰ অধীনত পৰ্যায়ক্রমে গ্ৰাম্যাঞ্চলত প্ৰায় ১২০০ খন দলং নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। অলপতে লোক নির্মাণ বিভাগৰ বাহ্যিক সাহাৰ্য্য প্রাপ্ত শাখাই বৰপেটা, বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ, কাছাৰ, চৰাইদেউ, ডিব্ৰুগড়, ডিমাহাচাও, কার্বি আংলং, লখিমপুৰ, নগাঁও আৰু শিৱসাগৰ জিলাত নিৰ্মাণ কৰিবলগীয়া ২৮ নতুন দলঙৰ বাবে নিবিদা আহ্বান কৰিছে।
Assamese | September 7, 2025 12:31 PM | Assam Govt
চৰকাৰৰ এ আৰ আৰ বি পিৰ অধীনত ৰাজ্যৰ ১২ খন জিলাত আৰু ২৮ খন দলং নিৰ্মাণ কৰাৰ সিদ্ধান্ত