ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰৰ জলপথেৰে ৰাজ্যৰ সাতটা ধর্মীয় স্থানক সংযোগ কৰাৰ পৰিকল্পনা কৰিছে। ৰাজ্য চৰকাৰ বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰ্যালয়ৰ অনুমোদনৰ পাছত এই কাম আৰম্ভ কৰাৰ বাবে সাজু হৈছে। এই প্ৰকল্পৰ বাবদ ৬৪৫ কোটি ৫৬ লাখ টকা ব্যয় হ’ব বুলি অনুমান কৰা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে। এই প্ৰকল্পৰ অধীনত গুৱাহাটীৰ কামাখ্যা মন্দিৰ, উমানন্দ মন্দিৰ, চক্ৰেশ্বৰ মন্দিৰ, উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত মন্দিৰ, দৌল গোবিন্দ মন্দিৰ, কাজিৰঙাৰ পাণ্ডুনাথ মন্দিৰ আৰু মাজুলীৰ আউনীআটী সত্ৰক ব্রহ্মপুত্র জলপথেৰে সংযোগ কৰা হ’ব। এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনক অধিক উজ্জীৱিত কৰি তুলিবলৈ বিচৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি কলকাতাত ব্ৰহ্মপুত্ৰৰ দুই নম্বৰ ৰাষ্ট্ৰীয় জলপথ আৰু গংগাৰ এক নম্বৰ ৰাষ্ট্ৰীয় জলপথৰ বাবে সামগ্ৰী পৰিবহন প্ৰসাৰ আঁচনি আৰু অনুসূচীত সামগ্ৰী পৰিবাহী জাহাজ সেৱা মুকলি কৰিব। এই পদক্ষেপে অভ্যন্তৰীণ জলপথসমূহ সুদৃঢ় কৰিব আৰু দেশৰ বিকাশত অৰিহণা যোগাব।
Assamese | December 15, 2024 12:12 PM | Sarbanada sonowal
চৰকাৰে ব্ৰহ্মপুত্ৰৰ জলপথেৰে ৰাজ্যৰ সাতটা ধর্মীয় স্থানক সংযোগ কৰাৰ পৰিকল্পনা কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ