চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৰ ৰোধ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। ক্ষতিগ্রস্ত এলেকাত বাহৰ পাতি থকা মন্ত্ৰীগৰাকীয়ে কালি কয়, যে স্বাস্থ্য বিভাগে বানৰ কবলত পৰা এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে অহর্নিশে কাম কৰি আছে।
মন্ত্ৰীগৰাকীয়ে কয়, যে তেওঁ বান প্রভাবিত এলেকাসমূহলৈ প্ৰেৰণৰ বাবে ১০ হাজাৰ কিলোগ্রাম ব্লিচিং পাউদাৰ আৰু ৭.৫ হাজাৰ লিটাৰ ফেনাইলৰ ব্যৱস্থা কৰিছে। ৰাইজৰ আন প্রতিনিধিসকলেও সম্ভাব্য ৰোগৰ প্রাদুর্ভাব নিয়ন্ত্ৰণ কৰাৰ বাবে নিজাববীয়াকৈ চেষ্টা চলাইছে বুলি তেওঁ উল্লেখ কৰে।
প্ৰভাৱিত লোকৰ বাবে সাহায্য সন্দৰ্ভত শ্রীমাৰ্ঘেৰিটাই কয়, যে সাহায্য সামগ্ৰীৰ কোনো ধৰণৰ নাটনি হোৱা নাই। চৰকাৰৰ উপৰি ভালেমান সংস্থাই প্রভাৱিত লোকসকললৈ সহায় আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
তেওঁ কয়, যে পানী শুকুৱাবলৈ লৈছে যদিও জনসাধাৰণৰ দুৰ্দশা কম হোৱা নাই আৰু চৰকাৰী সংস্থাসমূহে ঠাইতে গৈ ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰি আহিছে। তেওঁ কয়, যে কাপোৰ, শিক্ষার্থীৰ বাবে কিতাপ আঁঠুৱাৰ প্ৰয়োজন বাৰুকৈ অনুভৱ কৰা হৈছে।