কামৰূপ মহানগৰ জিলাত চৰকাৰী বিভাগসমূহৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম- কাজৰ খতিয়ান সন্দৰ্ভত কালি মাহিলী পর্যালোচনা বৈঠক সম্পন্ন হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত কামৰূপ মহানগৰ জিলা উন্নয়ন সমিতিৰ আয়ুক্ত পাৰিজাত ভূঞাই অধ্যক্ষতা কৰে। সভাত বিভিন্ন চৰকাৰী আঁচনিসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰাৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৰূপায়িত আঁচনিসমূহৰ বিষয়েও পর্যালোচনা কৰা হয়। সংশ্লিষ্ট বিভাগসমূহৰ নিজৰ নিজৰ চৰকাৰী আঁচনি তথা প্ৰকল্প ৰূপায়ণ সম্পৰ্কীয় তথ্য সভাত আলোচনা কৰা হয়। বৈঠকত কামৰূপ মহানগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, উপ মুখ্য কার্যবাহী বিষয়া সমীপ ডেকা, সহকাৰী আয়ুক্ত ৰিচি বন্দনা গগৈ আৰু জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া তথা প্ৰতিনিধি উপস্থিত থাকে।
Assamese | May 16, 2024 2:21 PM | Meeting
চৰকাৰী বিভাগৰ বিভিন্ন আঁচনিৰ কাম- কাজৰ খতিয়ান সন্দৰ্ভত মাহিলী পর্যালোচনা বৈঠক