কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে চেনী উদ্যোগক দেশৰ মেৰুদণ্ড আখ্যা দি প্ৰশংসা কৰে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতে ভাৰত চেনী আৰু জৈৱ শক্তি সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰী গাডকাৰীয়ে কয়, যে ২০ শতাংশ ইথানল সংমিশ্ৰণৰ জৰিয়তে ভাৰতৰ জৈৱ শক্তিখণ্ডই প্রধান খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে জীৱাশ্ম ইন্ধনৰ আমদানী হ্ৰাস কৰাৰ প্ৰয়োজনীয়তাৰ
ওপৰত
আলোকপাত কৰে। যোৱা ১১ বছৰত দেশখনৰ ইথালন সংমিশ্রণ এক দশমিক ৫ শতাংশৰ পৰা ২০ শতাংশলৈ বৃদ্ধি পাইছে বুলিও তেওঁ লগতে উল্লেখ কৰে। পৰম্পৰাগত শস্যৰ পৰা কুঁহিয়াৰ কৌশলগত অৰ্থনৈতিক আৰু শক্তি সম্পদলৈ পৰিণত হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে।
Assamese | September 11, 2025 8:28 PM | Nitin Gadkari
চেনী উদ্যোগক দেশৰ মেৰুদণ্ড আখ্যা মন্ত্রী নীতিন গাডকাৰীৰ