আফ্রিকান ইউনিয়ন আৰু আফ্ৰিকা চেণ্টাৰছ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্রিভেনচন আফ্রিকা চি ডি চি য়ে আফ্রিকাজুৰি বিয়পি পৰা বুণ্ডিবুগ্যো ইবোলা সংক্রমণ নিয়ন্ত্ৰণৰ বাবে অধিক সমন্বিত পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনাইছে। কালি আফ্রিকান ইউনিয়নৰ আয়োগৰ অধ্যক্ষ মাহমুদ আলী ইউছুফ আৰু আফ্ৰিকা চিডিচিৰ সঞ্চালক প্রধান জিন কাছেয়াই মহাদেশখনত এই সংক্রমণৰ সৈতে মোকাবিলা আৰু প্ৰস্তুতিমূলক ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰাৰ পিছতে এই আহ্বান জনোৱা হয়। কাছেয়াই সংক্রমণ নিয়ন্ত্ৰণ আৰু জনস্বাস্থ্যৰ প্রস্তুতি অধিক শক্তিশালী কৰাৰ বাবে স্বচ্ছতা বজাই ৰখা, সময়োচিত সিদ্ধান্ত গ্ৰহণ কৰা আৰু জৰুৰীভাৱে অৰ্থৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷
এই সংক্রমণ ইতিমধ্যে আফ্ৰিকাৰ তিনিটা অঞ্চললৈ বিয়পি পৰিছে। কংগো, উগাণ্ডা, কেনিয়া আৰু নাইজেৰিয়াত এই ৰোগৰ সংক্ৰমণ নিশ্চিত কৰা হৈছে।
ইফালে, সমগ্র মহাদেশখনত এই সংক্ৰমণৰ সৈতে মোকাবিলাৰ বাবে উমৈহতীয়া প্ৰচেষ্টা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে অহা বুধবাৰে আফ্ৰিকা চিডিচিয়ে এখন জৰুৰীকালীন মন্ত্রী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিব। এই বৈঠকত স্বাস্থ্য, বিত্ত আৰু পৰিবহণ বিভাগৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব।