ভাৰতৰ চামৰা আৰু জোতা-চেণ্ডেল খণ্ডই বছৰি চাৰি দশমিক পাঁচ বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰে । এই উদ্যোগখণ্ডৰ জৰিয়তে ব্ৰিটেইন, ওমান আৰু সংযুক্ত আৰব আমীৰি ৰাষ্ট্ৰৰ সৈতে কৰা মুক্ত বাণিজ্য চুক্তিৰ সম্প্ৰসাৰিত নেটৱৰ্কৰ দ্বাৰা ভাৰত লাভবান হ’ব। নতুন দিল্লীত কালি অনুষ্ঠিত কাউন্সিল ফৰ লেডাৰ এক্সপোৰ্টছ এক্সিলেঞ্চ এৱাৰ্ড প্রদান অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে এই কথা প্রকাশ কৰে। মন্ত্ৰী শ্ৰী গোৱেলে কয়, যে চামৰা আৰু জোতা খণ্ডই ভাৰতীয় অৰ্থনীতিত মূল অৰিহণা যোগাই আহিছে আৰু এই উদ্যোগটোক বিশ্বব্যাপি প্রতিযোগিতামূলক ক্ষেত্ৰসমূহত শক্তিশালী কৰাৰ উদ্দেশ্যে ইয়াৰ গুণগত মান, বহন ক্ষমতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। তেওঁ অংশীদাৰসকলক অনাগত সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীসমূহৰ সদব্যৱহাৰ কৰিবলৈ আৰু বিদেশত ইয়াৰ গুডাম তথা বিপণন নেটৱৰ্ক স্থাপন কৰি বিশ্বজোৰা ব্ৰেণ্ড গঢ়ি তুলিবলৈ আহ্বান জনায়। উন্নত উৎপাদন আৰ্হিৰ বাবে নেচনেল ইনষ্টিটিউট অব ডিজাইনৰ সৈতে সহযোগিতা কৰাত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে কৃত্রিম বুদ্ধিমত্তাই পৰাম্পৰাগত ভাৰতীয় আৰ্হিসমূহ পুনৰুজ্জীৱিত কৰাত সহায় কৰাৰ লগতে নতুন কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে।
শিক্ষাবিদ তথা জাতিয়তাবাদী ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ ১২৫ বছৰীয়া জয়ন্তী উপলক্ষে কালিৰ দিনটোক বিশেষ বুলিও কেন্দ্রীয় মন্ত্রী শ্রী গোৱেলে অভিহিত কৰে। তেওঁ কয়, যে ড০ মুখার্জীক তেওঁৰ নৈতিকতা আৰু আদৰ্শৰ বাবে পৰিচিত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা।